Wednesday 2 July 2014

চাৰি আনা v/s বিশ পইচা

ৰাস পূজাৰ প্রথম সন্ধিয়া। গোঁসাই সুমুয়াৰ পিছত আই নাম। সেয়ে আইতাহঁত ওলাইছে পূজা চাবলৈ। নাম আৰম্ভ হোৱা নাই বাবে অলপ ঘুৰি লও
বুলি ভাবিলে। ঘুৰোতে ঘুৰোতে ভাবিলে মিঠা পানকে খোৱা যাওক। গোটেইকেইজনীয়ে একোখনকৈ মিঠাপান খাই দোকানীক কিমান হ’ল বুলি সুধিলে। দোকানিয়ে বিশ পইচা বুলি হাঁহি দিলে। আইতা পুৰা গৰম হই ” বুঢ়া হ’লো বুলি আমাক ঠগিব আহিছা নাম। চাৰি আনাৰকৈ এক পইচাও বেছি নিদিও যা। লাগে যদি ৰাখ নালাগে যদি নাই।
দোকানীয়ে বুজাবলৈ চেষ্টা কৰেহে কৰে যে চাৰি আনা বিশ পইচাতকৈ বেছি। আইতা শুনাত নাই। দোকানীক দম দিয়া বুলি বিৰাট ফুর্তীহে। দোকানীয়ে পাঁচ পইচা লৈ হাত আগবঢ়াই দিয়ে মানে আইতা এন্ড ডি গেংগ তাৰ পৰা ফুট। নাম চোৱাত ব্যস্ত পান চোবাই চোবাই।

No comments:

Post a Comment