Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ট"

1. টেঙা আম এবাৰহে বেছিব পাৰি :
বজাৰত যদি টেঙা আম মিঠা বুলি বিক্ৰী কৰা হয়, তেনেহলে প্ৰথমতে বিক্ৰী হব, কিন্তু পাছলৈ গ্ৰাহকে ঠগা বুলি গম পাব আৰু সেই দোকানীৰ পৰা আম নিকিনা হব, অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি,
ঠগ খোৱাৰ পাছত মানুহ সাবধান হয়।
2. টোপনিৰ চিকুন পুৱা,
মাছৰ চিকুন মোৱা :
ৰাতিপুৱাৰ টোপনি বৰ আকৰ্ষণীয়, তেনেকৈ মোৱা মাছো আকৰ্ষণীয়।
3. টেঙৰতকৈ টেঙৰ আছে ভুল নাই তাত, সোমোৱাৰ আগতে জানিবা ওলোৱাৰ বাট
4. টিক বলধা ওলাই মাটি
মাক ভালে জীয়েক জাটি

No comments:

Post a Comment