Friday 4 July 2014

কঙালী তুমি আহিবানে!!

কঙালী তুমি আহিবানে!!
আঘোনৰ সোণৱালীবোৰ লৈ,
জেঠৰ পঠাৰত ৰোৱনীয়ে ৰচা
সপোনবোৰ লৈ তুমি আহিবানে?

তুমি যদি আহা…
তোমাৰ আগমনত আকাশ বন্তিৰে আদৰিম
তুলসীৰ তলত পাৰি দিম বৰপিৰা
তাতে বহি লৈ ভাগৰ মাৰিবা তুমি..
তাৰ পিছত দুয়ো মিলি পথাৰলে যাম
দেখিবা কিদৰে চটফটাইছে সেউজীয়াবোৰে
পূর্ণযৌৱনৰ উল্লাসত।।

No comments:

Post a Comment