Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "উ"

1. ডাকৰ বচন
উত্তৰে গাজিলে জানিবা খৰ,
দক্ষিণে গাজিলে মাৰিবা লৰ:
উত্তৰ ফালে মেঘে গাজিলে বৰষুণ নহয়, কিন্তু দক্ষিণ ফালে গাজিলে যথেষ্ট বৰষুণ হয়।
2. উপকাৰীক অজগৰে খায়:
অজগৰ সাপক উপকাৰ কৰিলেও সুবিধা পালে উপকাৰি জনক খায়, অৰ্থাৎ যাকে তাকে উপকাৰ কৰিব নালাগে।
3. উপদেশতকৈ আৰ্হি ভাল:
কিবা এটা কাম কৰাৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুওৱা ভাল।
4. উৰহৰ খং ভঙা ঢাৰীত জৰা:
সাধাৰণতে বিচনা লেতেৰা হ'লে তাত উৰহ নামৰ পোক বিধ হয় আৰু ৰাতি সি শুই থকা মানুহক কামোৰে৷ আনহাতে বিচনাৰ তলত থকা ভগা ঢাৰীতে সেই উৰহ থাকে বুলি জানি উৰহক বিচাৰি নাপাই ঢাৰীকে মৰিয়াই হাৰাশাস্তি কৰে৷ অৰ্থাৎ কাৰোবাৰ খং কাৰোবাৰ ওপৰত সৰা বিষয়ত ইয়াক ব্যৱহাৰ কৰা হয়৷
5. উমৈহতিয়া শ বাহী শ হয় :
ৰাজহুৱা সম্পত্তি চোৱা চিতা কৰা মানুহৰ
অভাৱ।
6. উদঙিয়া গৰু, ঢাকণি নাইকিয়া চৰু:
নিয়ন্ত্ৰনহীন।
7. উদক ভেটা ৰখিয়া পতা :
সাধাৰণতে সকলোৱে জানে যে উদে মাছ খায়৷ কিন্তু সেই উদকে যদি মাছ ধৰিবৰ
কাৰণে মৰা ভেটা ৰাখিবলৈ দিয়া হয়
তেন্তে তাৰ ফল উলোটাহে হ'ব৷ অৰ্থাৎ যি মানুহ যি বস্তুৰ প্ৰতি অধিক আসক্ত বা দূৰ্বলতা আছে তাক সেই বস্তুৰে ৰখিয়া পতা৷
8. উদৰ সম্মুখৰ শালপোণা :
উদৰ সম্মুখত শাল মাছ বা পোনা মাছৰ কোনো বাচ বিচাৰ নোহোৱাৰ দৰে চিকাৰিৰ সন্মুখত কোনো চিকাৰৰ বাচ
বিচাৰ নহয়৷
9. উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাওতেই:
উদ মাছ খোৱা জীৱ, সি সাধাৰণতে মাছ কেচাই খায় আৰু তেনেদৰেই চলি আছে৷ অৰ্থাৎ আগৰ প্ৰচলিত ৰীতি সহজতে এৰিব নোৱাৰা।
10. উলুৰ লগত বগৰী পোৰা যোৱা :
সাধাৰণতে উলুৱনিত বগৰি গছ থাকে, কিন্তু উলুৱনিত জুই দিয়াৰ সময়ত সেই
বগৰি গছো পোৰা যায়৷ অৰ্থাৎ অসৎ মানুহৰ সঙ্গত ভাল মানুহ থাকিলেও তেওঁৰো বিপদ হ'ব পাৰে৷
11. উপৰে মাতোতাৰ বাটত ঘৰ
আহোতে লাঠি যাওতে চৰ।।
অর্থাত মানুহৰ কথাৰ মাজত সোমাই হোৱাই নোহোৱাই মাত মতাজনৰ যেতিয়াই তেতিয়াই যি কোনো মানুহৰ দ্বাৰা অপমানিত হোৱাৰ সম্ভাবনা থাকে।।
12. উদয়ে সিন্দুৰ পশ্চিমে কাল,
তেবেসে হৈব বৰিষণ ভাল।

No comments:

Post a Comment