জোৱাঁয়ে নিলেও নিয়া
যমে নিলেও নিয়া;
সেয়ে বোলো শহুৰ দেউতা
ভেবেলীক মোলৈকে দিয়া।।
ঘৰ বাৰী নহলেও
আকাশত চাঙ পাতি ৰাখিম;
নিজে নাখালেও তাইক হলে
আলাখৰ লাড়ুকেই যাছিম।।
খাবলে জীৱলে আছে মন
হাগোতেও আজোৰো বন;
সুখেৰে ৰাখিম ভেবেলীক
কেতিয়াও নকৰো হাই-দন।।
বাঘৰ নেজেৰে কাণ খজুৱাই
মাখিৰ মুৰৰ ঘী কাঢ়ি খোৱা;
দলে বলে আহিমহি এদিন
সিদিনাই হব ভেবেলী-মোৰ বিয়া।।
No comments:
Post a Comment