Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ছ"

1. ছোৱালী আনিবা মাক ভাল,
মাটি কিনিবা মাজ খাল :
মাকৰ যদি স্বভাৱ-চৰিত্ৰ ভাল হালে জীয়েকৰো স্বভাৱ-চৰিত্ৰ ভাল হব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে।
2. ছোৱালী বোলে কুৰিতে বুঢ়ী :
আগৰ দিনত ছোৱালীক খুব কম বয়সতে বিয়া দিয়াৰ প্ৰথা আছিল, আৰু বয়স ২০ বছৰৰ বেছি হলে বুঢ়ী হোৱা অৰ্থাৎ বিবাহৰ অযোগ্যা হোৱা বুলি ধৰি লোৱা হৈছিল।
3. ছোৱালী হল বৰষিৰ টোপ,
ল’ৰাই দেখিলে মাৰিব খোট
4. ডাকৰ বচন:
ছোৱালীৰ চুটী
বাঢ়নীৰ বুটী:
চুটী চাপৰ ছোৱালীবোৰক বেছি কাজী
বুলি ধৰা হয়, সেইদৰে বাঢ়নীৰো বুটী
অর্থাত চুটী হ'লে সাৰিবলে সুবিধা হয়।
5. ডাকৰ বচন
ছয় পো বাৰ নাতি,
তেহে কৰিবা কুঁহিয়াৰ খেতি :
কুঁহিয়াৰ খেতি কৰিবলৈ বহু সংখ্যক খেতিয়কৰ প্ৰয়োজন, সেয়েহে যথেষ্ট সংখ্যক মানুহ থাকিলেহে এই
খেতি কৰিবলৈ আগবাঢ়িব লাগে৷

No comments:

Post a Comment