Wednesday 21 January 2015

শহুৰৰ ঘৰত প্ৰথম নিশা

লাঙি দাৰ মানে শুৱতে নাক বজোৱা অভ্যাস। সেয়ে সি পৰাপক্ষত বেলেগৰ ঘৰত ৰাতি নাথাকেই। ঘটনাটো লাঙি দাৰ বিয়াৰ কেইদিনমান পিছৰেই।
আমাৰ ভেবেলী বৌৰ লগত বিহু খাবলে শহুৰেকৰ ঘৰলে গল।
খাই বৈ উঠাত আধা বেলি পাৰেই হৈছিল। উপায় নাপাই ৰাতি থাকিব লগা হ'ল।
ৰাতি ভাতসাজ খাই উঠি লাঙি দা শুৱ গল। ওচৰৰে কোথাটোত ভেবেলী বৌ আৰু লাঙি দাৰ শাহু শুৱ লৈছে হে। তেনেতে কিবা শব্দ শুনি শাহুৱে কলে।

শাহু: আই যাচোন বোপাৰ কোঠাৰ টেবুল ফেন খন বন্ধ কৰি চেইলিঙ ফেনখন চলাই দিবিগৈ। টেবুল ফেনখন বেয়া হৈ আছে। ঘোৰ ঘোৰ শব্দ কৰে।
ভেবেলী বৌ: নহয় মা, আমাৰ তেওঁ শুলেই। ঘোৰ ঘোৰ শব্দ ফেনৰ নহয়।

Tuesday 12 August 2014

বনৰ ৰজা

এবাৰ এটা বান্দৰে দুখতে মৰিবলৈ ওলালে।
গৈ থাকোতে ৰাষ্টাতে সিংহক শুই থকা দেখি
সি সিংহটোৰ টিকাত আঙুলী এটা ভৰাই দিলে।।
সিংহই সাৰ পাই খঙতে গৰজি উঠিল ক'লে
"কোনে নিজৰ  মৃত্যুক মাতি আছে??"
বান্দৰটোৱে ক'লে "মই মহাৰাজ"
সিংহ: এইটো কৰোতে কোনোবাই দেখিছে নেকি??
বান্দৰ: নাই মহাৰাজ, কোনেও দেখা নাই।
সিংহ: ঠিক আছে, আকৌ এবাৰ কৰা। বৰ ভাল লাগিছে।।

অকলে অকলে থাকি বনৰ ৰজাৰো মূৰ খালি হৈ যায়।।

Friday 25 July 2014

কলা এঙাৰ গাখীৰেৰে ধুলেও বগা নহয়

এদিন জাৰকালি মঙলা কাই পথাৰৰ পৰা ঘৰলৈ উলতি আহিছে। সি দেখা পালে আলিৰ তিনিকেকুৰীতে এডাল সাপ জাৰতে ঠোৰোঙা লাগি আধা মৰা হৈ আছে। সাপটোৰ তেনে মৰো মৰো অৱস্থা দেখি মঙলাৰ তালৈ পুতৌ জাগিল। হাজাৰ হওক ঈশ্বৰৰ সৃষ্টিৰ এটা প্রাণী। চকুৰ আগতে তাক আওমৰণে মৰিবলৈ এৰি দিব নোৱাৰি। মঙলাই আতৌপুতৌ কৰি সাপটো বুটলি ঘৰলৈ আনিলে। তাক সেক-পোতক দিলে।

সাপটো যেতিয়া ভাল হল, সি ওচৰতে শুই থকা মঙলাৰ কেঁচুৱা ল'ৰাটোক খাবলৈ ফেট মেলি ফোঁচ ফোঁচ শব্দ কৰিলে। মঙলাৰ ঘৈণীয়েকে ততালিকে কেঁচুৱাটোক ভিতৰলৈ লৈ গল।উপকাৰীক অজগৰে খাব খোজা দেখি মঙলাৰ খঙে চুলিৰ আগ পালেগৈ। সি চকুৰ পচাৰতে এডাল টাঙোনেৰে সাপৰ মূৰত দিলে মাধমাৰ। সেই একে মাৰতেই সাপ বপুৰাই পালেগৈ যমৰ দ্বাৰ। মঙলাই কলে "সাপ যি সাপেই, তাৰ হিংসুকীয়া স্বভাৱ কেতিয়াও নাযায়।"

""গাখীৰেৰে যদি ধোৱা এঙাৰ।
তথাপি নেযায় ক'লা বৰণ তাৰ।।""

সুখবোৰ ভগাই ললে তাৰ আনন্দ বেছি হয়...

হাস্পিতালত ওচৰা ওচৰি বিচনাত দুজন ৰোগী আছিল। দুয়োজনেই মৃত্যু শয্যাত দিন গনাত ব্যস্ত। এজন ৰোগী থাকিছিল খিৰিকীৰ ওচৰৰ বিচনাত। বিচনাৰ পৰা উঠি বহাৰ ক্ষমতা দুয়োৰে নাছিল যদিও খিৰিকীৰ ওচৰৰ ৰোগীজন আবেলি সময়ত নার্চৰ সহায় লৈ উঠি বহে আৰু এঘন্টামান সময় অপলক দৃষ্টিৰে বাহিৰৰ ফালে চাই ৰয়...
১ ঘণ্টা পিছত ওচৰৰ বিচনাত শুই থকাজনৰ আগত বাহিৰত কি কি দেখিলে এমুৰৰ বর্ণনা কৰে।
তেও প্রতিদিন কয়--"বাহিৰত চৰাইবোৰ উৰি আছে। সৰু সৰু শিশুবোৰে হাঁহি হাঁহি খেলিছে। সিহঁতে কাগজৰ নাও সজাই পানীত এৰি দিছে......"
ওচৰৰ বিচনাত শুই থকাজনে এইবোৰ শুনি মনতে কল্পনা কৰি নানান সপোন দেখে।
কিবা বেলেগেই অনুভুতি হয় ভাল লগা কথাবোৰৰ বর্ণনা শুনি।

হঠাৎ এদিন খিৰিকীৰ ওচৰৰ ৰোগীজনৰ মৃত্যু হল। আনজন ৰোগীয়ে তেতিয়া নার্চজনীক খিৰিকিৰ ওচৰৰ বিচনাখন দিবলৈ অনুৰোধ কৰিলে।
আবেলি হোৱাত সি খিৰিকিৰ কাষত  ললে। তাৰ খুউব আনন্দ। আজি সি নিজ চকুৰে প্রকৃতিৰ খেল চাব। বহুত আশা লৈ সি খিৰিকিৰে বাহিৰলৈ চকু ফুৰালে। কিন্তু সেয়া কি?? সেইফালে চোন ওখ ওখ বেৰৰ বাহিৰে একো নাই।

সি নার্চ গৰাকীক মাতি সুধিলে "ইয়াত চোন ওখ বেৰৰ বাহিৰে একো নাই! তেতিয়াহলে সি মোক কেনেকৈ ইমান সুন্দৰকৈ ফুল-বাগিছা, চৰাই-চিৰিকতী আৰু বহুতো প্রকৃতিৰ মনোমহা কহিনী শুনাইছিল??"
নার্চগৰাকীয়ে হাঁহি হাঁহি উত্তৰ দিলে "আচলতে তেও আছিল অন্ধ। আপুনি সেইবোৰ শুনি উৎসাহ পোৱাৰ বাবেই আপোনাক তেনে গল্প শুনাইছিল...."

নিজৰ দুখ কাৰোবাৰ সতে ভগাই ললে দুখ পাতলে। আৰু সুখবোৰ ভগাই চাওক, তাৰ আনন্দ দুগুন হৈ যাব।

Thursday 24 July 2014

সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ!!

নৈৰ সোঁতৰ অলপ আঁতৰা-আঁতৰিকৈ দুটা কলহ উটি গৈছে। এটা কলহ পিতলৰ, আনটো মাটিৰ। পিতলৰ কলহটোৱে মৰমৰ মাতেৰে মাটিৰ কলহটোক ক'লে  " ভনীটি! মোৰ কাষলৈ আহা, একো ভয় নাই। মই তোমাক ৰক্ষা কৰিম।"
       মাটিৰ   কলহে ক'লে "বাইদেউ! তোমাৰ মৰমৰ বাবে ধন্যবাদ। কিন্তু তোমাৰ কাষলৈ যোৱাটোহে মোৰ পক্ষে ভয়ৰ কথা। এইদৰে তোমাৰ পৰা আঁতৰে আঁতৰে গৈয়েই হয়তো কৰবাত পাৰত লাগিবগৈ পাৰোঁ। কিন্তু তোমাৰ কাষলৈ যদি যাওঁ তেন্তে মোৰ  ফালে পতং। পেটে আৰু মোৰ পেটে যদি ঠেকা খাব লাগিল তেন্তে মোৰ ফালে আধ্যা।এতেকে দূৰৰ পৰাই মোৰ এটা সেৱাকে লোৱা আৰু মোলৈ যদি তোমাৰ মৰম লাগিছে তেন্তে আঁতৰৰ পৰাই এটা হাঁকুটি লগোৱা চুমা খোৱা।"

শক্তিশালী হয় যদি চুবুৰীয়া জন
আঁতৰত থকাটোহে ভালৰ লক্ষণ।
সমানে সমানে কৰিবা কাজ
হাৰিলে জিকিলে নাই লাজ।।

অহঙ্কাৰেই অধপতনৰ মূল!!

গোৱালৰ পদূলিমুখত আছিল এটা গোবৰৰ   দম। সেই দমটোকে লৈ দুটা মতা কুকুৰাৰ লাগিল খোৱাকামৰা। এটাই কয় "সেইটো তাৰ দম। তাত থকা পোক-পৰুৱাবোৰ সি অকলে খাব।" আনটোৱে কয় "তেনে কথা নহব। সেই দমটো তাৰ। সেইটো সি কেতিয়াও এৰি নিদিয়ে।" এই কথাকে লৈ দুইটাই আৰম্ভ কৰি দিলে যুঁজ। একেবাৰে ৰাম-ৰাৱণৰ যুঁজ। পাখিয়ে পাখিয়ে, ঠেঙে-ঠেঙে, ঠোটে-ঠোটে দুয়ো যুঁজিবলৈ ধৰিলে। এপৰমান বেলা কুকুৰা হালে যুঁজিয়েই থাকিল।
      অৱশেষত যুঁজি যুঁজি এটা কুকুৰা ভাগৰি পৰিল। সি হাৰ মানি ইটো কুকুৰাৰ ভয়তে গড়ালত সোমাই থাকিলগৈ। যিটো কুকুৰাৰ জয় হ'ল তাক এতিয়া কোনে পায়? সি পর্বতৰ টিলা এটাত উঠি লৈ আনন্দতে চিবলৈ ধৰিলে "কক্ কক্ ককৰে কক্ অর্থাত মই জিকিলোঁ, সি হাৰিছে। মই ৰজা, সি চাকৰ।
      সেই সময়তে এটা ঈগল চৰাই গছৰ ওপৰত পৰি আছিল। সি সেই চিঞৰ-বাখৰ শুনি তললৈ চালে। তলত নিজকে ৰজা বুলি ভাবি গপতে ওফন্দি গঙ্গাটোপ হৈ থকা কুকুৰাটো দেখি ছোঁ মাৰি একে থাপে তাক উৰুৱাই লৈ গল। গছৰ ওপৰত তুলি লৈ ঈগলটোয়ে কুকুৰাটোৰ মাংস দকচি খালে।
        ভয়ত পেপুৱা লাগি গড়ালত সোমাই থকা কুকুৰাটোৱে লাহে লাহে ওলাই আহি গোবৰৰ দমত থকা পোক-পৰুৱাবোৰ খুচৰি খুচৰি খাবলৈ ধৰিলে।

"কুকুৰা ৰজাক ঈগলে কয়
অহঙ্কাৰ হ'লে পতন হয়।।"

তুমিতো বলটো চিনি পোৱাই

এবাৰ চহেইব আখতাৰৰ বলৰ সন্মুখীন হ’ল আমাৰ বীৰু
দা। বল হাতত লৈ বেকা হাঁহি মাৰি বীৰু দাক কলে “তুমি ক্রিকেট বল চিনি পোৱাতো? এইটো ৰঙা, গোলাকাৰ, ওজন পাঁচ আউন্সৰ ওচৰা ওচৰি”। পিচৰ বলতেই চিক্স মানে পেভিলিয়নৰ বাহিৰ। আখতাৰ বোপাইৰ ওচৰত গৈ বীৰু দাই কলে
“তুমি তো বলটো কেনেকুৱা চিনিয়ে পোৱা, যাহ লৈ আহ গৈ”