Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "শ"

1. শ পাপে জ্বৰ, হাজাৰ পাপে খৰ:
ভগবানে আপোনাৰ পাপৰ হিচাপ সৰু সৰু ৰোগৰ দ্বাৰা দিয়ে।
2. শালৰ মাজত শিঙি ওলোৱা
3. শাল শিঙৰি কহিৰৰ এফাল,
ইকৰাই বোলে নিতিতিলে নুশূকালে
মইও যাও কত কাল:
নিৰ্মাণ সামগ্ৰী হিচাবে ইকৰা একেবাৰে দুৰ্বল, কিন্তু ঠিকভাবে ৰ’দ-বৰষুণৰ পৰা বছালে ইও বহুদিন যায়।
4. শেনতো হৈ গৈ ফেঁচাতো হৈ ঘুৰি অহা :
দম্ভালি মাৰি কিবা কাম এটা কৰিম বুলি গৈ বিফল হৈ ঘুৰি অহা।
5. শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে:
কিবা এটা পাবলে হলে কাম কৰিব লাগিব।
6. শগুনৰ শাওত বুঢ়া গৰু নমৰে
7. শাকত নাখাই লোণ,
পিটিকাত যায় তিনিগুণ:
সৰু সৰু খৰছ এৰাব চেষ্টা কৰা, কিন্তু ডাঙৰ খৰছ কৰা৷ আগৰ দিনত লোণ বহুমূল্য সামগ্ৰী আছিল, যিহেতু ইয়াক
অসমত পোৱা নগৈছিল সেই বাবে বাহিৰৰ পৰা আমদানী কৰা হৈছিল৷ সেয়েহে লোণ কমকৈ ব্যৱহাৰ
কৰিবলৈ শাকত লোণ নিদিয়াকে বনোৱা হল, কিন্তু পিটিকা লোণ নোহোৱাকে খাব
নোৱাৰা কাৰণে তাত লোণ দিব লগা হল, এতিয়া শাকত যিমান লোণ লাগিলহৈ পিটিকাত তাতকৈ বেছি লোণ লাগিব৷
8. শাহু-বোৱাৰীৰ ঘৰ,
কোনে খালে দৈ-সৰ :
শাহু বোৱাৰীৰ মাজত দ্বন্দ্ব যিকোনো সৰু সৰু কাৰণতে হয়৷ ঘৰখনত কোনো এটা বস্তু ইফাল সিফাল হ’লেও সাধাৰণতে শাহু-বোৱাৰীয়ে পৰস্পৰক সন্দেহৰ দৃষ্টিৰে চায়৷
9. শিয়ালৰ জাক জাক,
সিংহৰ এটাই যথেষ্ট :
সিংহ যথেষ্ট শক্তিশালী চিকাৰী প্ৰাণী, ইয়াক বনৰ সকলো জন্তুৱেই ভয় কৰে, আনহাতে শিয়ালে নিজে চিকাৰ নকৰে, আনে চিকাৰ কৰি খাই এৰি থৈ যোৱা মাংস খায়। বহুকেইটা শিয়াল
একেলগে থাকিলেও অকলশৰীয়া সিংহ এটাকে ভয় কৰে। অৰ্থাৎ বহুকেইজন সাধাৰণ মানুহ থকাতকৈ এজন শক্তিশালী মানুহেই যথেষ্ট।
10. শত্ৰু জ্ঞান কৰি বান্ধিবা,
মিত্ৰ জ্ঞান কৰি নিবা
11. শুনা কথাত নিদিবা কাণ,
দেখিলেও লবা তিনিটা প্ৰমান
12. শুকান জেওৰা খৰিৰ ৰস চেপি উলিওৱা
13. শূণ্যত গডা ঘুৰোৱা বীৰ :
দুৰৰ পৰা হুঙ্কাৰ কৰি আচল যুদ্ধলৈ যাব ভয় কৰা লোক।
14. শাহু হ'লে আহুকাল,
পুত্ৰ হ'লে যমকাল,
মতা(স্বামী) হ'লে ঘোচামৰ জৰী৷
গাভৰু কালতে ফুৰি ল, খাই ল
মায়া ডোলত নিদিবি ভৰি৷

No comments:

Post a Comment