Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "দ"

1. দুই মহৰ যুজত বিৰিণাৰ মৰণ:
আনৰ কাজিয়া, বেমেজালি বা ঝামেলাৰ মাজত নিৰীহজনৰ হাৰাশাস্তি হোৱা।
2. দুই নাওত দুই ভৰি:
বিকল্পবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিব নোৱাৰা।
3. দিনৰ পাহাৰ ৰাতিৰ জুই
তাক নেখেদি থাকিবা শুই
4. দাঁত নাইকিয়া সাপৰ ফোচফোচনি বেছি (ঢোঁৰা সাপৰ ফোচফোচনিয়ে সাৰ)
5. দাতাই দিলেও বিধাতাই নিদিয়ে
6. দা ধাৰেৰে মাৰিলও গাত পৰে,
গদীৰে মাৰিলও গাত পৰে
7. দেহা থাকিলেহে বেহা,
নহলে তিতা কেহা
8. দৰিদ্ৰ লঙ্কালৈ যায়,
সাগৰো শুকায়,
মাণিকো লুকায়
9. দুৰৰ পাহাৰ শুৱণী
[দুৰৰ পাহাৰ দেখবা ভাল,
ওচৰত গেলি খাল আৰো বাম।।
(বৰপেটা অঞ্চলত প্রচলিত)]
10. দুৰৰ ৰৌ বৰালী,
ওচৰৰ পুঠি খলিহনা
11. দুষ্টৰ দুদিন,
সন্তৰ শ দিন :
অসাধু লোকে কেইদিনমান ৰাজত্ব কৰিব পাৰে, কিন্তু সাধু লোকেই বেছিভাগ সময়
ৰাজত্ব কৰে।
12. দহো আঙুলীৰে খায়,
বুঢ়াই হেচুকিলেহে যায়
13. দেখাতেই কঠাল,
পিঠিত কাইট:
জল জল পট পট, কোনো প্ৰমানৰ প্ৰয়োজন নাই।
14. দেখাক দেখি কুকুৰে পাতে একাদশী:
সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা।
15. দেখাত হে বুটী,
কঠীয়া জেঠতে পৰা :
দেখিবলৈ সিমান ভাল নহব পাৰে, কিন্তু
থকিবলগিয়া আটাইখিনি গুণ আছে।
16. দুহাল গোনা বাই,
ছয়মাহ খাবলৈ নাই :
থকা সম্পদৰ অপচয়।
17.দুখীয়াৰ দুখ, কতো নাই সুখ ;
ঘোটে ঘোটে পানী খায়,
শুকাই যায় মুখ ৷

No comments:

Post a Comment