Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "হ"

1. হাতীয়ে খায় যিমান লাডেও সিমান:
প্ৰত্যেকেই নিজৰ সামৰ্থ আৰু যোগ্যতা অনুসৰি খৰচ কৰিব লাগে৷
2. হাতত নাই কণটো,
বৰ সবাহলৈ মনটো :
হাতত ফুটাকড়ি এটাও নোহোৱাকে ডাঙৰ কামলৈ মন মেলা স্বভাৱ৷ মনৰ অলিক কল্পনা৷
3. হাতৰ কুঠাৰ ভৰিত মাৰ :
নিজেই নিজৰ অপকাৰ কৰা৷
4. হাতী চোৰ আগে আগে যায়
বেঙেনা চোৰক ধৰি কিলায়:
হাতী চোৰেই হওক বা বেঙেনা চোৰেই হওক সকলোৱেই অপৰাধী৷ কিন্তু ডাঙৰ অপৰাধী কিবা প্ৰকাৰে সাৰি যায় আৰু ধৰা নপৰে, কিন্তু সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে৷
5. হাবিৰ জুই দেখি,
মনৰ জুই নেদেখি :
হাবিত জুই লাগিলে সকলোৱে দেখা পাই, কিন্তু মানুহৰ অন্তৰত থকা দুখ কষ্ট বাহিৰৰ পৰা কোনেও উমান পাব নোৱাৰে৷
6. হাৰ নাইকিয়া জিভা,
কয় কিবা কিবা : নকবলগিয়া কঠা এটা কৈ পিছত জিভা পিছলা বুলি কোৱা।
7. হাৰত বন গজা:
বহু পুৰণি হোৱা।
8. হাঁহ চোৰৰ মুৰত পাখী,
কঠাল চোৰৰ আঠায়ে সাক্ষী:
হাঁহ চোৰ কৰিবলৈ যাওঁতে ক’ব
নোৱাৰাকৈয়ে ক’ৰবাত পাখী লাগি থাকে আৰু কঠাল খাওতে মুখত কিবা প্ৰকাৰে আঠা লাগিবই৷ অৰ্থাৎ কিবা অপকৰ্ম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়।
9. হাঁহৰ ওপৰত শিয়াল ৰজা:
প্ৰতিজন দুৰ্বল ব্যক্তিৰ ওপৰত
সেই জনতকৈ অলপ সবল ব্যক্তিজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা৷
10. হব চলি, বুলিব বাপ,
তেহে গুচিব মনৰ তাপ
11. হৰিণাৰ মাংসই বৈৰী:
হৰিণাৰ মাংস অতি উত্তম মাংস৷ সেই মাংসৰ কাৰণেই হৰিণা সহজতে চিকাৰীৰ চিকাৰত পৰে৷ এতেকে কেতিয়াবা কোনো মানুহৰ নিজস্ব ধন-সম্পত্তিয়েই নিজৰ বিপদ নমায় আনে৷
12. হলা গছ দেখিলে
সকলোৱে বাগি কুঠাৰ মাৰে :
গছ হালি থকিলে কাটি তাক বগৰাবলৈ সহজ হয়৷ আনহাতে তাৰ বাবে বেছি কষ্ট কৰিবও নালাগে৷ সেই দৰে কোনো দুৰ্বলি লোকক তাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি সকলোৱে অপকাৰ কৰিবলৈ আগবাঢ়ে৷
13. হস্তীৰো পিছলে পাৱ,
সজ্জনৰো বুৰে নাৱ :
ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ’ব পাৰে৷
14. হস্তীৰো লাড দেখি শহাই ফাৰে পাৱ :
আনৰ উন্নতি, সুখ, আনন্দ দেখি নিজৰ সক্ষমতালৈ নাচাই তাক জোৰ কৰি পাব বিচাৰি নিজে কষ্ট পোৱা৷
15. হয় পো মুখে,
নহয় পো গুফে,
হয় পো ধনী,
নহয় পো লনি:
ইয়াত এজন পুৰুষৰ চাৰিটা গুণ থাকিলে কেতিয়াও বিপদত নপৰাৰ কথা প্ৰকাশ কৰিছে৷ যদি এজন মানুহে সুন্দৰ কথা ক’ব পাৰে, নাইবা গুফযুক্ত অৰ্থাৎ পৌৰষত্ব থাকে, যদি ধনী হয় নাইবা দেখিবলৈ সুন্দৰ হয় তেনে হ’লে তেও যিকোনো এটা গুণ কাৰ্য্যত খটোৱাই নিজৰ বংশ ৰক্ষা কৰিব পাৰিব৷
16. হাঁহেৰেও ৰাজী, মাঁহেৰেও ৰাজী :
যিকোনো কথাতে সন্তুষ্ট হোৱা৷
17. হুলেৰেহে হুল কাঢ়িব পাৰি:
কাৰোবাক পৰাস্ত্ৰ কৰিব হলে তাৰ সমানেই শক্তি থাকিব লাগে।
18. হালোৱাৰ খৰখেদ্,
মৈত লৱৰে গৰু ,
শিপিনীৰ লচ-পচ
বয় সূতা সৰু
19. হাতী শুৱনি দাঁতে,
তিৰোতা শুৱনি মাতে

No comments:

Post a Comment