Wednesday 2 July 2014

আল্লা গো দুইবাৰে খাইলাম

লাঙি দাৰ ঘৰত এডাল মস্ত ডাঙৰ কঁঠাল আছে। ইমান কঁঠাল কোনে খাব বুলি এদিন সি বজাৰলৈ লৈ গ’ল। গৰম কাৰনে কোনেও ঘুৰিয়ে নাচায় কঁঠালৰ ফালে। কিন্তু আমাৰ কৰিম চাচা কঁঠালৰ বৰ পাগল। পিচে লাঙি দাই যিমান ডাঙৰ কঁঠাল নিচে বেচিব কেনেকৈ খাব ভাবি পোৱা নাই। এনেতে আন এজন ওলাল আহি কঁঠাল কিনিব। পিচে তাৰো একেই কথা। ইমান ডাঙৰ কঁঠাল সি অকলে কেনেকৈ খাব। লাঙি দাই অলপ ভাবি চিন্তি দুয়োকে মিলি এটা কঁঠাল লব কলে। কিন্তু চাচা আৰু মানুহজনৰ মাজত লাগিল যে এতিয়া দাম কি হিচাপত দিব। কাৰণ সমানে টকা দিলে কোনোবাই যদি বেছি খাই দিয়ে আনজনৰ লোকচান হব। সেয়ে সিদ্ধান্ত ললে যে যিয়ে যিমান খাব সিমান টকা দিব। কৰিম চাচা আৰু মানুজনে খোৱা আৰম্ভ কৰিলে। কৰিম চাচাক কিন্তু এলাপেচা মানুহ বুলি নাভাবিব। আমাৰ লাঙি দাৰ দৰেই টেঙৰ। কঁঠালৰ কোঁহ পাঁচটা মুখত ভৰায় যদিও গুটি পিচে এটাহে উলায়। মানে খাব পাঁচটা কিন্তু টকা এটাৰহে। এনেকৈ খাই বৈ দুয়োয়ে লাঙি দাক টকা দি ঘৰাঘৰি গল। ঘৰত গৈ চাচাৰ পেটে মাত দিয়াত ৰাতি ভাত নাখালে। পেটে বেছিকৈ মাত দিয়াত ৰাতি কাৰনে কামফেৰা ঘৰৰ ওচৰতে কৰি আহিলে। ৰাতি বৰষুন দিলে। চাচা একেবাৰ ফস্তী মাৰি শুলে।

পিচদিনা ভাতৰ পাতত বহি কঁঠালৰ গুটি দেখি চাচা অবাক। চাচীক সুধিলে “কঁঠালৰ গুটি কত পালি।”
চাচীয়ে হাঁহি হাঁহি কলে “ঘৰৰ পাচিলাতে(পাচফালে) কোনবাই আনি থৈছিলচোন। তাকে আনি ধুই পোখালি ভাজি দিলো।”
চাচীৰ কথা শুনি চাচাৰ মুখৰ পৰা নিজে নিজে ওলাল
“আল্লাগো দুইবাৰে খাইলাম।”

No comments:

Post a Comment