Sunday 6 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "খ"

1. খকুৱাই পাত কাতে, নিখকুৱাই মাটিতে খায় :
খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায়৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে- “কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা৷”
2. খাই কৰ্শলা ডালত উঠিল,
কাঠি চেলেকাৰ মৰণ মিলিল :
বেয়া কাম কৰাজন সুবিধা বুজি আঁতৰি য়ায় আৰু অনাহকত পিছত অহাজনে তাৰ শাস্তি ভোগ কৰিব লগা হয়৷
3. খাৰ খোৱা জীভা,
আহে কিবা কিবা।
4. খাবলে জীৱলে যাৰ মন,
হাগোতেও আজোৰে বন :
যাৰ খাই লৈ জীয়াই থকাৰ হাবিয়াস আছে, সি সকলো সময়তে কামত ব্যস্ত থাকে৷
5. খেনো খেনো পাকত ঢেকি থোৰাও সোমায় নাকত
6. খেনোক দেখি ৰান্ধে-বাঢ়ে,
খেনোক দেখি দুৱাৰ বান্ধে :
কোনোবা ঘৰলৈ অহা দেখিলে খোৱা- বোৱাৰ আয়োজন কৰা হয়, আনহাতে অন্য কোনোবা আহিলে দুৱাৰ বন্ধ কৰি ঘৰত কোনো নাই বুলি বুজাব খোজা হয়৷ অৰ্থাৎ বেলেগ বেলেগ মানুহক বেলেগ ব্যৱহাৰ কৰা হয়৷
7. খৰ ৰান্ধনী খৰ বাঢ়নী পৈয়েক লঘোনে যায়,
উদা ৰান্ধনী উদা বাঢ়নী পৈয়েক তিনি সাজ খায়
8. খং নামে চণ্ডাল:
খং বৰ বেয়া বস্তু, ইয়াক পৰিহাৰ কৰি চলাই ভাল।
9. খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা:
খঙতে নিজৰ অনিষ্ট কৰি পিছত বহুদিনলৈ নিজে শাস্তি ভোগ কৰা।
10. খুৰাই পেলোৱা ডাঢ়ি,
ঠাই সৰা জাবৰ
বেৰৰ আগৰ ফটাকানি,
তাত কিহৰ আদৰ ৷৷
(প্ৰয়োজনত নলগা পেলনীয়া বস্তুক কোনেও আদৰ
নকৰে ৷)
11.খেৰ পুৰি জুই শেষেই হ‘ল;
জুইত দিয়া বেঙেনা ঠেৰেহা হৈয়েই ৰ‘ল ৷
: লাগ বান্ধ নোহোৱাকৈ কাম কৰিলে কাম অসম্পূৰ্ণ হৈ ৰয় ৷

No comments:

Post a Comment