Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ড"

1. ডাল জোৰা দে :
মূল কথাৰ লগত বাৰেবাংকৰা কথা যোগ
কৰি বঢ়াই ক।
2. ডিঙিত ধৰি কান্দ:
বিপদত সহানুভূতি প্ৰকাশ কৰ।
3. ডিঙিৰ হাৰমাল:
আপদীয়া লোক।
4. ডেকা কাঢ়ে যোৱা:
ডেকাকালতে মৰ বুলি শাওঁ দিয়া অৰ্থত।
5. ডেকা কাঢ়ে যাঁতী :
ডেকাকালতে মৰ বুলি শাওঁ দিয়া অৰ্থত (স্ত্ৰী লিংগক বুজাবলৈ)।
6. ডেকা ধনি লাগ :
যৌৱনৰ প্ৰাক ক্ষণত চঞ্চল হৈ পৰ।
7. ডবনি পিটি খা:
অতি ভোজন কৰ।
8. ডঁৰিত বান্দৰ নচা:
শাস্তিৰ ভয় দেখুৱাই অবাধ্য লোকৰ দাৰা টান কাম কৰোৱা।
9. ডাঙৰ মানুহৰ দায়,
পিছলি পিছলি যায়;
সৰু মানুহৰ দায়,
খুচৰি খুচৰি চায়।
10. ডাঙৰক ডাচে(যাচে),
সৰুক পাচে।
11. ডাকে বোলে শুনা বাপু উপায়,
বাণিজ্যৰ ফল কৃষিতে পায়।

No comments:

Post a Comment