Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ই"

1. ইয়াত মাৰিলো টিপা,
গড়গাওঁ পালেগৈ শিপা :
সাধাৰণতে উৰা-বাতৰি যি দ্ৰুত বেগে বিয়পে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
উল্লেখনীয় যে কেতিয়াবা ইয়াক সাঁথৰ হিচাবেও ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে "ভুমিকম্প"। কোনটো আগতে সৃষ্টি কৰা জনা নগলেও ভুমিকম্প আৰু উৰাবাতৰিৰ বিস্তাৰৰ বেগৰ তুলনা কৰা হৈছে বুলি অনুমান কৰিব পৰা যায়।
2. ইননি-বিননি কাণত পৰে,
হুটা কথা খালত পৰে:
ভাল মাতেৰে বা বিনম্ৰতাৰে অনুৰোধ কৰিলে মানুহ সহজে পতিয়ন যায়, একেটা কথা হুটা বা কৰ্কশ মাতেৰে ক'লে বিপৰীত ফলহে পোৱা যায় ৷

No comments:

Post a Comment