Friday 4 July 2014

সাৰথী

প্রথম
পুৱা চোতাল বাট সাৰি সেউতীবায়ে ছাগলীটো ৰাস্তাটোতে ডৰহখ দি আহিল। বাৰিষাৰ দিন। পথাৰখন পানীৰে উপচি আছে। যিকন বৰি মাটি পথাৰত আছিল তাতো সকলোয়েই কঠীয়া পাৰিছে। গৰু ছাগলীৰ বৰ অসুবিধা হৈছে। লগতে ৰখীয়াৰো হাৰাশাস্তি। ডৰহখ দিবলে পথাৰত চুক এটাও নাই। ৰাস্তাতো ঘাঁহ বুলিবলে একো এডাল নাই। চৰকাৰে সকলোবোৰ ৰাস্তাই পকী কৰিছে। গাড়ী মটৰৰহে সুবিধা হইছে। ৰাস্তাটোৰে ভউছ ভউছ কৈ গাড়ীবোৰ সঘনাই অহা যোৱা কৰে। কোন কত যায় তাৰ ঠিক নাই। পিছে সময়ত হলে কৰবাত যাব লগা থাকিলে অ’টো এখন বিচাৰি মৰিলেও নোপোৱা।। সেউতীবায়ে ছাগলীটো ডৰহখ দিয়ে কাচি আৰু চহৰী(বাঁহ) এডাল লৈ চাগলীটোৰ বাবে গছৰ পাত কাটিব ওলাল। নহ’লে মে’ মে’ কৈ বেবাই বেবাই কানৰ পোক উলিয়াব। ঘৰত
কান্দি থকা বাবেই এইখিনি সময় ৰাস্তাত বান্ধি দিছে। অন্তত ৰাস্তাৰ কাষৰ দুই এডাল ঘাঁহ চোবালে মনে মনে থাকিব।

সেউতীবাই এজনী গাভৰুতে বিধৱা হোৱা দুখুনী তিৰোতা। জীয়াই থকাৰ একমাত্র কাৰন জিলমিল। ডেৰ বছৰীয়া এজনী সৰু মৰমলগা ছোৱালী তাই। হৰেন আৰু তাইৰ মৰমৰ একমাত্র চিন। এতিয়া টোপনীত লালকাল। ৰাতি দুপৰলৈকে যে মাকৰ লগত হাঁহি হাঁহি খেলি থাকে। ষোল বছৰত বয়সতে একেখন গাঁওৰে হৰেনৰ লগত পলাই গৈ বিয়াত বহিছিল তাই। প্রথমতে তাইৰ ঘৰখনে সিহঁতৰ সেই বিয়া মানি লব নুখুজিল। নানান চেষ্টা কৰি তাইক ঘুৰাই আনিব খুজিছিল। পিচে সেইবোৰ অথলে গল। বহুদিনলে সিহঁতৰ আহ যাহ নাছিল, জিলমিল নহালৈ। জিলমিলৰ মৰমে আইতাক ককাকক টানি নিছিল। সেউতীবায়ে বৰ সুখ পাইছিল এইবোৰ দেখি। কিন্তু দুখীয়াৰ জানো কেতিয়াবা সুখ হব পাৰে। জিলমিল তেতিয়া কোলাৰ নামিব পৰাই হোৱা নাছিল। এদিন বজাৰলৈ খোজ কাঢ়ি যাওতে কোনোবা উৎপতীয়া ল’ৰাই প্রচন্দ বেগেৰে আহি হৰেনক খুন্দিয়াই থৈ যায় ৰামপুৰৰ সেই কেকুৰীটোটে। বহুসময়লৈ পৰি আছিল কাষৰ গাতটোত। আবেলি পৰত ল’ৰাবোৰ ফুৰিবলৈ বুলি ওলাওতে দেখি 108 মাতি পঠালে যদিও হস্পিতাল গৈ পায় মানে গাটো শিঠিল হই আহিছিল। এমাহ পিছত হৰেনৰ বছৰেকীয়া শ্রাদ্ধ। যোৱামাহত ঠাকুৰানী পূজাৰ সময়ত ছাগলীটোৰে দুটা পোৱালী বেচি ওলপ সৰহকে টকা কেইটামান পালে। পূজাত দিব বুলিয়ে দুইপইচা বেচিকৈ দি গৈছে মানুজনে। ছাগলীটো থকাই তাইৰ বহুত সুবিধা হৈছে। ভাল জাতৰ ছাগলী। প্রত্যেকবাৰে দুটা দুটা কৈ পোৱালী দিয়ে। দুইপইচা ওলায় সেইফালেদিও। এইবাৰ ছাগলী বেচি পোৱা টকাকেইটা তাই সজতনে থৈছে। বছৰেকীয়াৰ দিনা বেচি একো নহলেও পুথি এক আধ্যা পঢ়িব লাগিব। গছৰ পাত আনি চোতাল পাইছেহে মাত্র, জিলমিলৰ কান্দোন শুনি সেউতীবাই পাতবোৰ
চোতালতে পেলাই থৈ দৌৰি গল তাইক লবলে। জিলমিলচ পিয়াহ অকন খুৱাই বাপেক থাকোতেই আনি দিয়া জুনজুনিটোৰ লগত খেলিব দি সেউতীবায়ে ভাত কেইটা চৰুত তুলি দিলে। ভাত তুলি দি তাই এবাৰ ছাগলীটো চাই আহো বুলি অলপ গছৰ পাত লৈ গল। ৰাস্তাত ওলায়েই তাই দেখিলে ছাগলীটো ডৰহখ দিয়া ঠাইডোখৰত মানুহৰ জুম বান্ধিছে। ওলপ দুৰত এখন বাইক পৰি আছে। ল'ৰা দুটামানে পাৰেমানে লাঠিয়াইছে। আৰু মানুহবোৰে ল’ৰা এটাক ঘেৰি ধৰি গালি পাৰি আছে। সেউতীবাইৰ খোজৰ গতি বাঢ়ি গল………..

দ্বিতীয়......

No comments:

Post a Comment