Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ন"

১. নলগা জেঙত লগা
২. নকৈ নোৱৰো ফটা মুখ,
কলেও লাগে ভকতৰ দোষ
৩. নাই পো লনী,
নাই পো ধনী
4. নাই মোমাইতকৈ কণা মোমাই ভাল
৫. নাই হে নাখাও,
লঘোনেও নাযাও,
গাতো নিদিও দুখ:
খাদ্য নথকা বাবে নাখাও, লঘোনো নপৰো, নিজক দুখ দিব নোৱাৰো।
৬. নাও উঠোতে বুৰে,
নাও নামোতে বুৰে
৭. নাও বুৰিলেও টিঙৰ পৰা ননমা
৮. নাকত লাগিল পাক,
মহা ভকতৰ চিন্তা লাগিল,
মেধি পাতিম কাক
৯. নগাৰ চাং তলে বাট
১০. নাচিব নাজানে চোতালখন বেঁকা:
নিজে কিবা এটা কৰিব নোৱাৰিলে আনক দোষ দিযা।
১১. নি থাকিলে পাণ খিলাও গধুৰ
১২. নিজ বুদ্ধি শিলৰ খুটি
১৩. নিজ হাত জগন্নাথ
১৪. নিজৰ পোকৰত গু,
আনক কয় ধু ধু ধু :
নিজে অসৎ হৈ আনক সৎ হবলৈ উপদেশ দিয়া।
১৫. নিজৰ নঙলা মুখত সকলো কুকুৰেই বাঘ বা নিজ দেশত ঠাকুৰ পৰৰ দেশত কুকুৰ:
অৰ্থাৎ সকলো ব্যক্তিয়েই নিজৰ চিনাকী ঠাইত নিজৰ দাম্ভিকতাৰে নিজক ডাঙৰ
হিচাপে প্ৰকাশ কৰে, কিন্তু আনৰ ঠাইত গৈ সেই ভাৱ প্ৰকাশ কৰিব নোৱাৰে আৰু সৰু হৈ থাকিব লাগে৷
১৬. নিজৰ পোকৰ টেকটেকিয়া,
লোকৰ পোকৰত পানী চতিয়া:
নিজৰ দোষ নেদেখি লোকৰ দোষ দেখা।
১৭. নেখাও তাইৰ হাতেৰে ভাত,
ঘুৰি ঘুৰি তাইতেহে হাত :
কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয়৷ অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও উপায় নাপায় কৰিবলৈ বাধ্য হোৱা অৱস্থা৷
১৮. নোধোও গা ধুৱালি,
নাখাও ভাত খুৱালি,
নিগিলো কি কৰ কৰ:
কোনোবাই গা ধুব ইচ্ছা নকৰিলে যোৰ
কৰি গা ধুৱাব পৰি, ভাত খাব ইচ্ছা নকৰিলে যোৰ কৰি মুখত
ভাত সুমুৱাই দিব পাৰি, কিন্তু সুমোৱাই দিয়াৰ পাছতো যদি তেওঁ নিগিলো বুলি ভাৱে তেন্তে তেওঁক কেতিয়াও তাৰ বাবে বাধ্য কৰিব নোৱাৰি৷ অৰ্থাৎ কোনো এজন মানুহক বাহ্যিকভাৱে কিছুমান কাম কৰিবলৈ বাধ্য কৰাব পাৰি যদিও মনৰ ইচ্ছাৰে কোনো কাম কৰিবলৈ নিবিচাৰিলে, কামটো কেতিয়াও সফল হৈ নুঠে৷
১৯. নমঞ্চিব কইনা,
ওঠৰতা মুৰ্তি
২০. নিবোকা চামোন,
গু খোৱা যম:
বেছি কথা বতৰা নকয়, কিন্তু মানসিক ভাবে খুব শক্তিশালি।
২১. নেহাহিবি মোক,
সোঁচৰিব তোক:
মোৰ অৱস্থা দেখি নেহাহিবি, কাৰণ কাইলৈ তোমাৰো তেনে অৱস্থা হব পাৰে।
২২. নিজৰ লগুণ বেলেগক দি
বামুণে কৰে হায় হায়।।
২৩. নাহালে নপৰে কিহৰ আহু,
মাত বোল নহলে কিহৰ শাহু ?
২৪. নাদৰ পানীয়ে গা জুৰ নকৰে,
নৈত নপৰে মানে।
নিলগৰ চেনেহে গা জুৰ নকৰে,
ওচৰত নহলে মানে।।
অর্থাত কোনো এটা ভাল লগা বস্তু আমি নোপোৱালৈ আত্মসন্তুষ্টি নহয়।
২৫. নিজৰ লৈ যেন-তেন,
আলহীলৈ চাবা !!
নাইবা
(ঘৰলৈ যেন-তেন, আলহীলৈ চাবা !!)
:নিজেই নেখাই ও আলহীক শুশ্ৰুষা কৰিবলৈ ব্যৱহাৰ কৰা হয় ।এই কথাষাৰ ঘৰৰ ঘৈণীক ইংগিতেৰে কোৱা হয় ।
২৬.নাওঁত উঠোতেও বুৰে
নামতেই বুৰে।।
:কোনো কামৰ আৰম্ভণি আৰু সমাপ্ত দুয়োটাই বৰ গুৰুত্তপূৰ্ণ,
এই দুয়োটা সময়তে সাবধান হোৱাটো উচিত।

No comments:

Post a Comment