Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ম"

1. মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা,
মৰে অলপ পানীৰ মাছ
2. মাউখে উতিলে গুৰি পৰুৱাৰ মৰণ নাই :
একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে।
3. মাকতকৈ জীয়েক কাজী,
ঢেঁকীথোৰা লৈ বাতে পাজী:
মাকক সাধাৰণতে জীয়েকতকৈ সকলো বিষয়তে বেছি অভিজ্ঞ বুলি ধৰা হয়, কিন্তু জীয়েকে জনা দেখুৱাই পটাৰ সলনি মছলা বটিবলৈ ঢেঁকীথোৰা ব্যৱহাৰ কৰা অৰ্থাৎ অলপ জ্ঞান থকা বিষয় বস্তুৰ ওপৰত বেচি জনা দেখুওৱা৷
4. মাছত বতিয়া আৰু মানুহত কটিয়া,
ইহতৰ পৰা অলপ বাছি থাকিবা
5. মাজ মুৰত নাই চুলি,
গিৰিয়েকে মাতে ৰূপহী বুলি
6. মাতিলে ৰণলৈও যাবা,
নামাতিলে ভোজলৈও নাযাবা:
আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এমে কৰিলে সন্মান পোৱা যায়৷ কিন্তু নামাতিলে ভোজ-ভাত খবলৈও যাব নালাগে, ইয়াত আত্ম- সন্মান হানি হ’ব পাৰে৷
7. মাছে বোলে মাতে
পানীয়ে দুই কোৱাৰি ভেটে :
কোনো কথা ক’ব পৰাৰ উপযুক্ত যুক্তি থকাৰ পিছতো পাৰিপাৰ্শ্বিক পৰিবেশৰ বাবে ক’ব নোৱাৰা অৱস্থা৷
8. মাছ বুলি নাখাই
জীজী বুলি খায় :
কোনো এটা বস্তু পোণ-পটিয়া ভাবে নলৈ আন অজুহাতত লোৱা৷ যেনে পোণ-
পটিয়া ভাবে ভেটি নোলোৱা, কিন্তু আন প্ৰকাৰে লোৱা৷
9. মাছৰ কেঁচা,
চাহৰ চেঁচা :
অখাদ্য।
10. মামা বাৰীৰ কলি গাই,
এক পিয়ন দি মৰি যায়
11. মানুহটোৱে প্ৰতি মনটো,
ধানটোৱে প্ৰতি কণটো :
প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে।
12. মোল্লাৰ দৌৰ মছজিদলৈ
13. মন থাকিলে চন,
বাকৰি মাটিতো ধন :
কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই
সমাধান কৰিব পাৰি ।
14. ম’হতকৈ শিং চৰা
15. মাছৰ তেলেৰে মাছ ভজা
16. মাখিৰ মুৰৰ ঘী কাঢ়ি খোৱা
17. মেকুৰিৰ ডিঙিত টিলিঙা অৰা
18. মৰে উৰুলি পুঙা,
মৰে পদুলি শুঙা
19. মুৰত থলে ওকনিয়ে খায়,
মাটিত থলে পৰুৱাই খায়
20. মহন্তৰ চিন মাহনিত,
বুঢ়া গৰুৰ চিন ঘাহঁনিত:
এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনী এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে তাতেই ধৰা পৰে। এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্তেও লোভ সংযম কৰিব পাৰিলেহে ধৰা পাৰে।
21. মহৰ আগত বজাও টোকাৰি,
মহে ঘাহ খায় মুৰ জোকাৰি
22. মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল
23. মূৰ্খই থেকি শিকে,
জ্ঞানীয়ে দেখি শিকে:
মূৰ্খ মানুহে নিজৰ ভুলৰ পৰা শিকে, আনহাতে জ্ঞানী মানুহে আনৰ ভুল দেখি শিকে।
24. মাহৰ মাৰ দেখি তিলে বেট মেলা :
আনক সোধ-পোছ কৰা দেখি ভয়তে নিজে নিজে দোষ স্বীকাৰ কৰা।
25. মিছা কথাৰ ঠেং চুটি :
মিছা কথা বেছিদিন নিতিকে।
26. মতা হাঁহক ওমনি দিলে কনি হয় নষ্ট
অবুজনক বুজালে মনত পাই কষ্ট।
27. মাছ খাবা ইলিচ
জোৱাই চাবা পুলিচ।
28. মেকুৰী নহ'লি নিহুতৰ (এন্দুৰ) দপদপনি হয়।
29. "মুধচে মুধচে লগা ঘৰ,
সোধো সোধো বুলি গ‘ল ডেৰবছৰ;
সখী হেনো তোমাৰ জ্বৰ ৷"
:বৰ বেছি আত্মকেন্দ্ৰিক হ‘লে ওচৰ-চুবুৰীয়া লোকৰ খবৰ লবলৈয়ো সকাহ নাপায় ৷

No comments:

Post a Comment