Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "গ"

1. গাই আনিবা ৰিংটো বাটৰ,
ছোৱালী আনিবা দিনটো বাটৰ
2. গাখীৰতে মহৰ খুটি সান্দহতে হাত:
কোনো সৌভাগ্যৰ ওপৰতে আন সৌভাগ্যই দেখা দিয়া৷
3. গাখীৰ খুৱাই সাপ পোহা :
কোনো দুষ্ট লোকক আসৈ দি নিজৰ অপকাৰ মাতি অনা৷
4. গাত নাই চাল বাকলি,
মদ খাই তিনি টেকেলি :
হাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰা।
5. গাধৰ আগত বীণ বজাই লাভ নাই
6. গৰুৰ আগত টোকাৰী বায়,
কাণ জোকাৰি ঘাঁহ খায় :
গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায়। এই ফকৰা ফাঁকি ‘অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰী সিজোৱা’ ফকৰা ফাঁকিৰ সমাৰ্থক।
7. গায়নৰ ঘৰৰ বোন্দাইও ৰাগ দিয়ে :
কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা৷
8. গেলা বৰালী মনত গোন্ধ :
নিজৰ দোষ দূৰ্বলতাৰ কথা জানি আনে কিবা নকলেও নিজৰ মনতে সন্দেহ সৃষ্টি হোৱা৷
9. গোসাই ঘৰত কোন??
মই কল খোৱা নাই :
বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা।
10. গছ কাটিলেই মুঢ়া,
ছোৱালী আনিলেই বুঢ়া
11. গছত কঠাল. ওঁঠত তেল,
নৌ পকোতেই চেল বেল :
কোনো কাৰ্য্য হৈ নোথোতেই তাৰ বিষয়ে গাই-বাই থকা৷
12. গুণীয়েহে যানে গুণীৰ মান,
কাঠৰ থোৰাই কি জানে,
নিতৌ খুন্দি মৰে ধান
13. গছত উঠাই গুৰি কটা :
আনক কোনো কামলৈ আগবঢ়াই দি পিছ মুৰ্হুত্বত মূৰপোলোকা মৰা৷
14. গছত গৰু উঠা হোলোঙাৰে কান বিন্ধোৱা কথা:
একেবাৰে অসম্ভব কথা।
15. গৰম ভাতৰ ধোঁৱাই খালে:
অত্যাধিক সুখ-সুবিধাই অপকাৰ সাধন কৰে৷
16. গালো বালো খোলাকতি তাল :
কৈ মেলি একো লাভ নোহোৱা৷
17. গুৰুতকৈ শিষ্য হয় শিয়ান,
খুচৰি খুচৰি লয় গিয়ান।।
18. গধুলীৰ অতিথী সাক্ষাৎ দামোদৰ:
গধুলীৰ সময়ত ঘৰলৈ আলহী আহিলে ভালদৰে সৎকাৰ কৰিব লাগে, যেনেকৈ শ্ৰীকৃষ্ণ ই বাল্যবন্ধু বিপ্ৰ দামোদৰৰ কৰিছিল।
19. গৃহিণী হুয়া বোলে কটুৰ ।
আয় নেচায় ব্যয় কৰে প্ৰচুৰ ॥
ওলায় গৈয়া নাহে সকালে ।
তাইক দুষ্টা বোলে সকলে ॥
কন্দল শুনিয়ে বাহিৰক যায় ।
নাচ গীত শুনি সত্বৰে ধায় ॥
সেহি নাৰী সংগে যি কৰে বাস ।
তাৰ জীৱনত কি হ'ব আশ ॥
20. গোৰ মাৰি গঙ্গাত পেলোৱা:
গোৰ মৰা হয় শাস্তি বিহিবলৈ, কিন্তু সেই গোৰেই যদি গঙ্গাত পেলায়, তেন্তে গঙ্গাস্নান কৰি উপকৃতহে হোৱা যায়। অর্থাৎ শাস্তি বিহাৰ অভিপ্রায়েৰে কৰা কার্যৰ দ্বাৰা কাৰোবাৰ মঙ্গল সাধন হোৱা।
21.ডাকৰ বচন:
গৰু কিনিবা দীঘল নেজা,
মৈ টানতে নহয় কুজা।
22.ডাকৰ বছন:
গঙ্গা জলত তৰিব প্ৰাণ,
মুক্তিত বিনে নাপাইবো আন।

No comments:

Post a Comment