Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ঘ"

১. ঘঁহোটে ঘঁহোটে শিলো ক্ষয় যায়
২. ঘন ঘনকৈ দিবা আলি,
তেহে খাবা নানান শালি
৩. ঘৰলৈ আহিলে ঢকুৱা বেৰ, আলিবাটলৈ গলে বৰ চুৰিয়াৰ ফেৰ
৪. ঘ্ৰাণেন অৰ্দ্ধ ভোজনং:
ভাল খাদ্যৰ গোন্ধ পালেই আধা খোৱা বুলি ধৰিব পাৰি।
৫. ঘেং কৰি উঠ:
কথা ক’লেই ভেকাহি মাৰি উঠ।
৬. ঘোঁৰা ঘাঁহ কাট :
অবাবত সময় নষ্ট কৰ।
৭. ঘোঁৰা শিঙৰ কঁৰিয়া:
ঘোঁৰাৰ শিং নগজে, গতিকে দুষ্প্ৰাপ্য বস্তু।
৮. ঘনচিৰিকাই ৰাজহাঁহৰ খোজ লৈ
৯. ঘৰ গুচি বাঁহ তল হ:
বিশৃংখল হ।
১০.ঘন ঘনকৈ দিবা আলি,
মোঠনিয়াত ৰুবা শালি ৷
আহিনে কাতিয়ে ৰাখিবা পানী,
ৰজাই যেনেকৈ ৰাখে ৰাণী ৷
তেও যদি নহয় শালি, 
ডাকক পাৰিবা গালি.

১১.ঘৰ নাশ কৰে ঢোকাই
মেল নাশ কৰে হোকাই
:ঢোকা দিয়া ঘৰ এটা ভাগি যোৱাৰ চিন, মেল মিটিঙত হোকা হুপিবলৈ ল'লে মূল আলোচনা তল পৰি মেল নাশ হয়।
১১.ডাকৰ বচন:
ঘৰে চুলি মেলি বান্ধে বাহিৰে ।
অল্প চুলি তুলি বান্ধয় শিৰে ।।
ঘনে ঘনে যায় পৰৰ ঘৰ ।
ডাকে বোলে দুষ্টা জানিবা নৰ ।।

No comments:

Post a Comment