Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ভ"

১ ভৰালত নাই কণটো,
বৰসবাহলৈ মনটো :
সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা।
২ ভুকুতে কলটো নপকে:
সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়।
৩ ভুৰুকাত হাতী ভৰোৱা :
বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে৷
৪ ভুতৰ মুখত ৰাম নাম:
কাৰোবাৰ চৰিত্ৰ বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড।
৫ ভাতত নাখাই লোণ,
পিটিকাত যায় তিনিগুণ
৬ ভয়ত ভগৱন্ত পলায়,
কিললৈ বাসুদেউ ডৰায়
৭ ভাতৰ তিতা খাব পাৰি,
মাতৰ তিতা খাব নোৱাৰি
৮ ভাল ভাল ঘোৰাই নাপাই ঘাঁহ,
বটুৱা ঘোৰাই বিচাৰে মাহ
৯ ভালুকৰ ওলোটা খোজ :
অসম্ভৱ ঘটনা।
১০ ভালে পায় ভাল,
জাবৰে পায় খাল
১১ ভবা কথা নহয় সিদ্ধি,
বাটত আছে কনা বিধি
১২ ভাল বাৰীত নিদিবি বাট
ভাল নাৰীক নিদিবি হাট।।
১৩ ভৰিয়ে পিচল খালে নিজে দুখ পায়,
জিভা পিচল খালে বিপদ চপায়।।
১৪ ভাদৰ চাৰি, আহিনৰ চাৰি
মাহ ৰুবা যিমান পাৰি ৷

No comments:

Post a Comment