Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "য"

1. যতে বাঘৰ ভয়, ততে ৰাতি হয় : যেতিয়া কিবা এটাৰ ভয় হয়, তেতিয়াই তাৰ সম্মুখিন হব লগা হয়।
2. যতে ৰাতি ততে কাটি
3. যদিহে নোপোৱা মছলা ভাল,
তলত দিবা বেছিকৈ জাল
4. যশ চাই যশিনী,
কৃষ্ণ চাই ৰুক্মিণী:
আপুনি যেনে মানুহ তেনে সঙ্গই পাব৷
5. যাৰ জহত শাখা সেন্দুৰ,
তাকে পাতে ভোকোৰা এন্দুৰ
6. যাৰ যি ইচ্ছা,
হাত দাঙি দাঙি নাছা
7. যাৰ নাই গৰু,
সি সবাতোকৈ সৰু
8. যাৰ নাই ধন,
তাৰ নাই মান
9. যাৰ নাই বাহ,
তাৰ নাই সাহ
10. যি যিমান নামে,
সি সিমান তিতে
11. যি মূলা বাঢ়ে তাৰ দুপাততে চিন
12. যি পহু মাৰিলা বনত,
সেই কথা ৰাখিবা মনত
13. যিয়ে লঙ্কালৈ যায়,
সিয়ে ৰাৱণ হয়
14. যাচি দিয়া সোণৰো মূল্য নাই।
15. যাৰ ঘৰত নুগুছে কন্দল,
তাৰ ঘৰত নুফুলে কমল
16. যিমানে বিলাই দিবা সিমানে মহান হবা :
দান-বৰঙণী কৰিলে মহান বুলি স্বীকৃতি পায়।
17. যিয়েই ৰজা তাৰেই প্ৰজা :
সাধাৰণ মানুহৰে বাবে কোনে ৰাজত্ব কৰিছে সেয়া ডাঙৰ কথা নহয়, কাৰণ যিয়েই ৰাজত্ব নকৰক, সাধাৰণ প্ৰজাৰ অৱস্থা একেই থাকে।
18. যেনে কুকুৰ, তেনে টাঙোন
19. যোগ্যে ভোগ্যে বসুন্ধৰা (সংস্কৃত):
যাৰ যোগ্যতা আছে সিহে উপভোগ কৰে
20. ডাকৰ বচন:
যি নাৰী প্রভাতে নিদ্র যায় 
বাহী শয্যাত সূর্য্য পায়
উদয় কালত নিলিপে ঘৰ
ডাকে বোলে তাইক চাৰিবা নৰ

২১.যি নাপায় চৰণৰ ধুলি,
সি মাতে কুকুৰৰ পুতেক বুলি।

No comments:

Post a Comment