Tuesday 12 August 2014

বনৰ ৰজা

এবাৰ এটা বান্দৰে দুখতে মৰিবলৈ ওলালে।
গৈ থাকোতে ৰাষ্টাতে সিংহক শুই থকা দেখি
সি সিংহটোৰ টিকাত আঙুলী এটা ভৰাই দিলে।।
সিংহই সাৰ পাই খঙতে গৰজি উঠিল ক'লে
"কোনে নিজৰ  মৃত্যুক মাতি আছে??"
বান্দৰটোৱে ক'লে "মই মহাৰাজ"
সিংহ: এইটো কৰোতে কোনোবাই দেখিছে নেকি??
বান্দৰ: নাই মহাৰাজ, কোনেও দেখা নাই।
সিংহ: ঠিক আছে, আকৌ এবাৰ কৰা। বৰ ভাল লাগিছে।।

অকলে অকলে থাকি বনৰ ৰজাৰো মূৰ খালি হৈ যায়।।

Friday 25 July 2014

কলা এঙাৰ গাখীৰেৰে ধুলেও বগা নহয়

এদিন জাৰকালি মঙলা কাই পথাৰৰ পৰা ঘৰলৈ উলতি আহিছে। সি দেখা পালে আলিৰ তিনিকেকুৰীতে এডাল সাপ জাৰতে ঠোৰোঙা লাগি আধা মৰা হৈ আছে। সাপটোৰ তেনে মৰো মৰো অৱস্থা দেখি মঙলাৰ তালৈ পুতৌ জাগিল। হাজাৰ হওক ঈশ্বৰৰ সৃষ্টিৰ এটা প্রাণী। চকুৰ আগতে তাক আওমৰণে মৰিবলৈ এৰি দিব নোৱাৰি। মঙলাই আতৌপুতৌ কৰি সাপটো বুটলি ঘৰলৈ আনিলে। তাক সেক-পোতক দিলে।

সাপটো যেতিয়া ভাল হল, সি ওচৰতে শুই থকা মঙলাৰ কেঁচুৱা ল'ৰাটোক খাবলৈ ফেট মেলি ফোঁচ ফোঁচ শব্দ কৰিলে। মঙলাৰ ঘৈণীয়েকে ততালিকে কেঁচুৱাটোক ভিতৰলৈ লৈ গল।উপকাৰীক অজগৰে খাব খোজা দেখি মঙলাৰ খঙে চুলিৰ আগ পালেগৈ। সি চকুৰ পচাৰতে এডাল টাঙোনেৰে সাপৰ মূৰত দিলে মাধমাৰ। সেই একে মাৰতেই সাপ বপুৰাই পালেগৈ যমৰ দ্বাৰ। মঙলাই কলে "সাপ যি সাপেই, তাৰ হিংসুকীয়া স্বভাৱ কেতিয়াও নাযায়।"

""গাখীৰেৰে যদি ধোৱা এঙাৰ।
তথাপি নেযায় ক'লা বৰণ তাৰ।।""

সুখবোৰ ভগাই ললে তাৰ আনন্দ বেছি হয়...

হাস্পিতালত ওচৰা ওচৰি বিচনাত দুজন ৰোগী আছিল। দুয়োজনেই মৃত্যু শয্যাত দিন গনাত ব্যস্ত। এজন ৰোগী থাকিছিল খিৰিকীৰ ওচৰৰ বিচনাত। বিচনাৰ পৰা উঠি বহাৰ ক্ষমতা দুয়োৰে নাছিল যদিও খিৰিকীৰ ওচৰৰ ৰোগীজন আবেলি সময়ত নার্চৰ সহায় লৈ উঠি বহে আৰু এঘন্টামান সময় অপলক দৃষ্টিৰে বাহিৰৰ ফালে চাই ৰয়...
১ ঘণ্টা পিছত ওচৰৰ বিচনাত শুই থকাজনৰ আগত বাহিৰত কি কি দেখিলে এমুৰৰ বর্ণনা কৰে।
তেও প্রতিদিন কয়--"বাহিৰত চৰাইবোৰ উৰি আছে। সৰু সৰু শিশুবোৰে হাঁহি হাঁহি খেলিছে। সিহঁতে কাগজৰ নাও সজাই পানীত এৰি দিছে......"
ওচৰৰ বিচনাত শুই থকাজনে এইবোৰ শুনি মনতে কল্পনা কৰি নানান সপোন দেখে।
কিবা বেলেগেই অনুভুতি হয় ভাল লগা কথাবোৰৰ বর্ণনা শুনি।

হঠাৎ এদিন খিৰিকীৰ ওচৰৰ ৰোগীজনৰ মৃত্যু হল। আনজন ৰোগীয়ে তেতিয়া নার্চজনীক খিৰিকিৰ ওচৰৰ বিচনাখন দিবলৈ অনুৰোধ কৰিলে।
আবেলি হোৱাত সি খিৰিকিৰ কাষত  ললে। তাৰ খুউব আনন্দ। আজি সি নিজ চকুৰে প্রকৃতিৰ খেল চাব। বহুত আশা লৈ সি খিৰিকিৰে বাহিৰলৈ চকু ফুৰালে। কিন্তু সেয়া কি?? সেইফালে চোন ওখ ওখ বেৰৰ বাহিৰে একো নাই।

সি নার্চ গৰাকীক মাতি সুধিলে "ইয়াত চোন ওখ বেৰৰ বাহিৰে একো নাই! তেতিয়াহলে সি মোক কেনেকৈ ইমান সুন্দৰকৈ ফুল-বাগিছা, চৰাই-চিৰিকতী আৰু বহুতো প্রকৃতিৰ মনোমহা কহিনী শুনাইছিল??"
নার্চগৰাকীয়ে হাঁহি হাঁহি উত্তৰ দিলে "আচলতে তেও আছিল অন্ধ। আপুনি সেইবোৰ শুনি উৎসাহ পোৱাৰ বাবেই আপোনাক তেনে গল্প শুনাইছিল...."

নিজৰ দুখ কাৰোবাৰ সতে ভগাই ললে দুখ পাতলে। আৰু সুখবোৰ ভগাই চাওক, তাৰ আনন্দ দুগুন হৈ যাব।

Thursday 24 July 2014

সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ!!

নৈৰ সোঁতৰ অলপ আঁতৰা-আঁতৰিকৈ দুটা কলহ উটি গৈছে। এটা কলহ পিতলৰ, আনটো মাটিৰ। পিতলৰ কলহটোৱে মৰমৰ মাতেৰে মাটিৰ কলহটোক ক'লে  " ভনীটি! মোৰ কাষলৈ আহা, একো ভয় নাই। মই তোমাক ৰক্ষা কৰিম।"
       মাটিৰ   কলহে ক'লে "বাইদেউ! তোমাৰ মৰমৰ বাবে ধন্যবাদ। কিন্তু তোমাৰ কাষলৈ যোৱাটোহে মোৰ পক্ষে ভয়ৰ কথা। এইদৰে তোমাৰ পৰা আঁতৰে আঁতৰে গৈয়েই হয়তো কৰবাত পাৰত লাগিবগৈ পাৰোঁ। কিন্তু তোমাৰ কাষলৈ যদি যাওঁ তেন্তে মোৰ  ফালে পতং। পেটে আৰু মোৰ পেটে যদি ঠেকা খাব লাগিল তেন্তে মোৰ ফালে আধ্যা।এতেকে দূৰৰ পৰাই মোৰ এটা সেৱাকে লোৱা আৰু মোলৈ যদি তোমাৰ মৰম লাগিছে তেন্তে আঁতৰৰ পৰাই এটা হাঁকুটি লগোৱা চুমা খোৱা।"

শক্তিশালী হয় যদি চুবুৰীয়া জন
আঁতৰত থকাটোহে ভালৰ লক্ষণ।
সমানে সমানে কৰিবা কাজ
হাৰিলে জিকিলে নাই লাজ।।

অহঙ্কাৰেই অধপতনৰ মূল!!

গোৱালৰ পদূলিমুখত আছিল এটা গোবৰৰ   দম। সেই দমটোকে লৈ দুটা মতা কুকুৰাৰ লাগিল খোৱাকামৰা। এটাই কয় "সেইটো তাৰ দম। তাত থকা পোক-পৰুৱাবোৰ সি অকলে খাব।" আনটোৱে কয় "তেনে কথা নহব। সেই দমটো তাৰ। সেইটো সি কেতিয়াও এৰি নিদিয়ে।" এই কথাকে লৈ দুইটাই আৰম্ভ কৰি দিলে যুঁজ। একেবাৰে ৰাম-ৰাৱণৰ যুঁজ। পাখিয়ে পাখিয়ে, ঠেঙে-ঠেঙে, ঠোটে-ঠোটে দুয়ো যুঁজিবলৈ ধৰিলে। এপৰমান বেলা কুকুৰা হালে যুঁজিয়েই থাকিল।
      অৱশেষত যুঁজি যুঁজি এটা কুকুৰা ভাগৰি পৰিল। সি হাৰ মানি ইটো কুকুৰাৰ ভয়তে গড়ালত সোমাই থাকিলগৈ। যিটো কুকুৰাৰ জয় হ'ল তাক এতিয়া কোনে পায়? সি পর্বতৰ টিলা এটাত উঠি লৈ আনন্দতে চিবলৈ ধৰিলে "কক্ কক্ ককৰে কক্ অর্থাত মই জিকিলোঁ, সি হাৰিছে। মই ৰজা, সি চাকৰ।
      সেই সময়তে এটা ঈগল চৰাই গছৰ ওপৰত পৰি আছিল। সি সেই চিঞৰ-বাখৰ শুনি তললৈ চালে। তলত নিজকে ৰজা বুলি ভাবি গপতে ওফন্দি গঙ্গাটোপ হৈ থকা কুকুৰাটো দেখি ছোঁ মাৰি একে থাপে তাক উৰুৱাই লৈ গল। গছৰ ওপৰত তুলি লৈ ঈগলটোয়ে কুকুৰাটোৰ মাংস দকচি খালে।
        ভয়ত পেপুৱা লাগি গড়ালত সোমাই থকা কুকুৰাটোৱে লাহে লাহে ওলাই আহি গোবৰৰ দমত থকা পোক-পৰুৱাবোৰ খুচৰি খুচৰি খাবলৈ ধৰিলে।

"কুকুৰা ৰজাক ঈগলে কয়
অহঙ্কাৰ হ'লে পতন হয়।।"

তুমিতো বলটো চিনি পোৱাই

এবাৰ চহেইব আখতাৰৰ বলৰ সন্মুখীন হ’ল আমাৰ বীৰু
দা। বল হাতত লৈ বেকা হাঁহি মাৰি বীৰু দাক কলে “তুমি ক্রিকেট বল চিনি পোৱাতো? এইটো ৰঙা, গোলাকাৰ, ওজন পাঁচ আউন্সৰ ওচৰা ওচৰি”। পিচৰ বলতেই চিক্স মানে পেভিলিয়নৰ বাহিৰ। আখতাৰ বোপাইৰ ওচৰত গৈ বীৰু দাই কলে
“তুমি তো বলটো কেনেকুৱা চিনিয়ে পোৱা, যাহ লৈ আহ গৈ”

বুদ্ধ পূর্ণিমা

এসময়ত লাঙি দা খেপৌৰ ঘৰত
হালোৱা হিচাপে আছিল। মানুজন বৰ
হোজা প্রকৃতিৰ। কাম ঠিকেই
কৰে বুধি বুলিবলে হ’লে একো এটা নাই। সেই সময়চোৱাত খেপৌয়ে পূর্ণিমা পালিছিল। কিবা বোলে গ্রহৰ দোষ আছিল। পূর্ণিমা পালিলে প্রায়ে খেপৌয়ে বহুত ফল-মূল তথা মিঠৈ দৈ খাই লঘোন ভাঙিছিল। তাকে দেখি মানে লাঙি দায়ো ভাবিলে সিও পূর্ণিমা পালিব। তাৰো তেনেদৰে ফল মূল
মিঠৈ খাবৰ মন। কথাষাৰ খেপৌক কলত
খেপৌ মহা আনন্দিত হৈ কলে ” পালিব লাগে। পালিলে দেহৰ লগতে মনৰো শুদ্ধি হয়।” এই বুলি তাৰ পিচৰবাৰ লাঙি দায়ো লঘনে আছে। পিচে সন্ধিয়া হৈ কেতিয়াবাই পাৰ হ’ল তথাপি খেপৌয়ে একো নুখুৱাত লাঙি দায়ে শুধিয়ে দিলে “দাদা লঘোন নাভাঙে নেকি?”
খেপৌয়ে যিষাৰ কথা কলে লাঙি দায়ে আৰু কেতিয়াও পূর্ণিমাৰ নাম নুলুৱা হ’ল। খেপৌ দায়ে কি কলে জানেনে? কলে “আজি বুদ্ধ পূর্ণিমা। আজি দিনটো তো বাদেই দে। ৰাতিও একো খাব নোৱাৰো। পানী এগিলাচ ও।”

"লোভেই পাপ
পাপেই মৃত্যু।।"

তোৰে মোৰে আলোকৰে যাত্রা...

তোৰে মোৰে আলোকৰে যাত্রা...
অব্যর্থ... অব্যর্থ...
তোৰে মোৰে আলোকৰে যাত্রা...
অব্যর্থ... অব্যর্থ...
আমি পালো জীৱনৰ অর্থ অভিনৱ...
স্বাগতো স্বাগতো সতীর্থ!!
সেউজীয়া জীৱনৰ জাগ এটি চন্দ..
সেউজীয়া জীৱনৰ জাগ এটি চন্দ..
আহে আহে..
জনতাৰ অন্তৰে অন্তৰে..
অলকু/আকৌ বসন্ত আহে..
প্রচাৰিতো অৰুণো বাণী..
আগ বাঢ়ে.. আগ বাঢ়ে
জুগৰগ্রগামী তৰুণো সেনানী..
আমি সমৃদ্ধ বেগে জাগে জাগে..
বিপ্লবী প্রাণ...
মুখৰিত দিশে দিশে অগনিৰ গান!
তোৰে মোৰে আলোকৰে যাত্রা...
অব্যর্থ...অব্যর্থ...
তোৰে মোৰে আলোকৰে যাত্রা...
অব্যর্থ... অব্যর্থ...
আমি পালো জীৱনৰ অর্থ অভিনৱ...
স্বাগতো স্বাগতো সতীর্থ!!

Ture Mure Alukore Jatra in English by child artist Ashthajita :

Unfailiing is this journey of life together
Yours and mine..
Oh Comrade we have found new meaning of life
Welcome my comrade welcome
It is the rhythm to which green life wakes up
And it It is byword at people's heart
Life might light us spring..in the spring
and the sun spreading spur of my eyes...
And the legions of youth,
forerunner of epoch are on the march..
Today it is soul of people's everywhere
an unfolded voice fill with the song of fire
Unfailiing is this journey of life together
Yours and mine..
Oh Comrade we have found new meaning of life
Welcome my comrade welcome
Unfailiing is this journey of life together
Yours and mine..
Oh Comrade we have found new meaning of life
Welcome my comrade welcome

Wednesday 23 July 2014

ভালপাওঁ তোমাক

তুমি কাষত নাই…
তথাপিও তোমাক অনুভব কৰো …৷
তুমি মোৰ নোহোৱা জানিও…
তোমাৰ প্রতিটো খোজৰ হিচাপ মোৰ আঙুলিৰ মুৰত…৷
সপোন পূৰণ নহয় জানো…
তথাপিও তোমাক লৈ সপোন ৰচো…৷
কাৰণ তোমাক যে মই
খুবেই ভালপাওঁ……||

অতিথি

ভালপোৱা আৰু মৃত্যু
নিমন্ত্রণ বিহীন দুই অতিথি
এজনে আহি লৈ যায় মন
আৰু আনজনে!
আনজনে আহি লৈ যায় জীৱন।।

প্রেমিক প্রেমিকা

প্রেমিক-প্রেমিকাই ৰেস্টুৰেন্টত বহি খাই আছিলে আৰু লগতে সিহঁতৰ প্রণয়লীলাও চলিছে
সমানে………………….
প্রেমিক :জানু মোক এবাৰ ভালপাও বুলি কোৱা না!!
প্রেমিকা : না !! নকও !!
( ঢং কৰি )
প্রেমিক : প্লিজ অন্তত এবাৰ কোৱা না সোনজনী !!
প্রেমিকা : না !!
( ঢং কন্টিনুউজ !! )
প্রেমিক : নকোৱা ??
প্রেমিকা : না ! না ! না !
( ঢংৰ মাত্রা বাঢ়ি গল!)
প্রেমিক : ৱেইটাৰ !! দুইজনৰ বিল বেলেগ বেলেগ কৈ বনাব ( খঙৰ সুৰত)
প্রেমিকা : অকে !! অকে !!
আই লাভ ইউ !! আই লাভ ইউ জানু !

আম

কেতিয়াবা আম গছডালত জোকাৰি নিদিলেও বা নডলিয়ালেও আম সৰে।।

বুটলি খোৱা নোখোৱাটো পোৱাজনে জানে।।

বি.দ্রঃ নিউটনে আপেলটো নাখালে।। আম সৰা নাছিল যে।।

Wednesday 16 July 2014

আকাশ

আকাশখনৰ দৰে হ'ব পাৰিবা ?
কিমান যে তঁৰা খহি পৰিছে,
আৰু খহিব।
তথাপি একো দুখ নাই।

আমি মানুহ বোৰেহে ব্যথিত হও,
প্রিয়জনৰ বিৰহত।

আকাশ নির্বিকাৰ, বিচলিত নহয় কেতিয়াও।

আমি তুচ্ছ মনুষ্য, সহজেই দুখ পাও
বেদনাবোৰ কঢ়িয়াই ফুৰো হিয়াত।

Friday 11 July 2014

ইন্টাৰভিউ

দুজন মানুহ চাকৰিৰ ইন্টাৰভিউৰ বাবে গল...
প্রথমজনে আগতেই প্রশ্নকর্তাক ঘুচ
দি থৈছিল!!
প্রশ্নকর্তাই প্রথমজনক প্রশ্ন কৰিলেঃ তুমি  ডগ বানান কোৱাচোন।
প্রথম জনঃ DOG.
প্রশ্নকর্তাঃ চাব্বাচ।
তাৰপিচত দ্বিতীয় জনক সুধিলেঃ তুমি হিপোপটমাচৰ বানান কোৱা ।
দ্বিতীয় জনঃ মই নাজানো মহাষয়।
প্রশ্নকর্তাঃ তুমি নোৱাৰিলা। তোমাক লোৱা নহব। চাকৰিটো এও পাব।
দ্বিতীয় জনঃ এনেকৈ নহব। মোক কঠিন প্রশ্ন কৰিব আৰু তেওক উজু।
প্রশ্নকর্তাঃ আচ্ছা ঠিক আছে আকৌ এবাৰ।
তুমি কোৱাচোন 2001 চনৰ ভুমিকম্পত কিমান মানুহ মৰিছিল??
প্রথম জনঃ প্রায় 20 হাজাৰ জন।
প্রশ্নকর্তাঃএতিয়া তুমি সেই 20000 জন মানুহৰ নাম কোৱা।

দ্বিতীয় জন ঠিতাতে বেহুচ।।

পুৰুষৰ সুখ

এজন পুৰুষে সকলোতকৈ বেছি সুখ কেতিয়া অনুভব কৰে??
নাজানে নো!
কেনেকৈ জানিব, মই কলেহে জানিব।
.
.
আৰে পুৰুষৰ জীৱনত নো কত সুখ আহে??
স ৰু থাকোতে পঢ়া শুনাৰ কষ্ট, ডাঙৰ হলেই চাকৰিৰ টেনচন।

আৰু বিয়াৰ পিচত তো জানেই শ্রীমতীৰ......

Wednesday 9 July 2014

কৌতুক

দেউতাকঃ কিয় কান্দিছা অ সোনটো?
ল'ৰাঃ সেই বুঢ়াটোক গছকিছিলো। সি মোক মাৰিলে।
বাবাঃ হয় নেকি! পিচে তেওক ক্ষমা খুজিলি নে নাই?
ছেলেঃ অ খুজিছো।
বাবাঃ তথাপিও মাৰিলে ? বল চোন মোৰ লগত।
দেউতাক বুঢ়াক গৈ সুধিলেঃ কি অ খুৰাদেউ,ল'ৰাটোৱে আপোনাক ক্ষমা খুজিলে, তথাপিও মাৰিলে কিয় ?
বুঢ়াঃ কি কয় হে??আপোনাৰ ল'ৰাই মোৰ ভৰিত গচকি চৰী কলে, মই তাৰ ব্যবহাৰত ভাল পাই তাক দহ টকা এখন দিলো।
.
.
.
সি বপুৰাই টকাৰ লোভত আকৌ গচকি দিলে।

Joutuk

চন ১৯৭০! ! !
দৰাই ভাবিছিলঃ- যৌতুকত ৰেডিও এটা পোৱা হলে!
চন ১৯৮০! ! !
যৌতুকত চাইকেল এখন পালে!
চন ১৯৯০! ! !
যৌতুকত মটৰ চাইকেল এখন পোৱাহলে !
চন ২০০০! ! !
যৌতুকত কাৰ এখন পোৱাহলে!
চন ২০১৪ ! ! !
বয়ফ্রেইণ্ড নথকা এজনী পালেই হ'ল আৰু একো নালাগে !

ল'ৰাবোৰ কিমান ভাল হৈ গৈছে দেখিছে। চেয় নো টু যৌতুক.....

Tuesday 8 July 2014

ভেবেলা

গাঁওত এটা নিয়ম আছে গৰমৰ বন্ধ দিলে কণকণ
ল’ৰা ছোৱালী বোৰক
ডাঙৰবোৰে বিনামূলীয়াকৈ গ্রীষ্মকালীন পাঠদান
দিয়ে। দুদালমান চুলি পকা বাবে মইও
গলো কিবা এটা শিকাও বুলি।
শিকোৱা অভ্যাস নাই।
ভাবিলো ল’ৰা ছোৱালীবোৰক নামকে শুধো।
মই: ভেবেলা কি নাম অ তোৰ??
ভেবেলা: মোৰ নাম শ্রীমান ভেবেলা।
(সুন্দৰ জানা চোন কেনেকৈ কব লাগে)
মই: দেউতাৰ নাম কি?
ভেবেলা: বাবা।
(উফ ৰাম খাই দিলি চব)
মই: নহয় অ দেউতাৰ নাম ক।
ভেবেলা: দেউতাৰ নাম বাবা।
(আকৌ খালি ৰে)
মই: আচ্ছা তোৰ দেউতাক বেলেগে কি বুলি মাতে?
ভেবেলা: দেবেন।
মই: এথেন(এতিয়া) কচোন দেউতাৰ নাম কি??
ভেবেলা: বাবা।।
(হে হৰি কত আছা অ তুমি)

অল ইজ ৱেল

সকলোৱে কাম বিচাৰি চহৰত দেখি যোৱা এবাৰ লাঙি দায়ো ওলাল কাম বিচাৰি। অত তত বহুত ঘুৰিলে। অৱশেষত এঠাইত কাম পালে। দৰমহা ভালেই পাব বোলে। কামো বেছি নাই ফেক্টৰীত ভজা মুৰীৰ বস্তা চিলাব লাগে।

কামৰ প্রথম দিন।
ৰংমনে কাম কৰি গৈছে লাঙি দাই। তেনেতে তাৰ পেছাব কৰা লাগিলে। প্রথম দিন। গমো নাপায় কোনফালে কি আছে। ওচৰতো কোনো নাই সুধিবলে। শেষত উপায় নাপাই লাঙি দাই চিলাই কৰি থোৱা মূৰিৰ বস্তাতেই "অল ইজ ৱেল" কৰি দিলে। মূৰিৰ বস্তা বাবে পলকতে সুহি গল। কোনেও গমেই নাপালে। বহুদিন পিছত গ্রাহকৰ পৰা অনুৰোধ আহিল যে মূৰিত আগৰ পৰাই নিমখ দিব। খাই ভাল লাগে।
মালিক অবাক "কিছনে ডালা য়ে নমক। মেৰে নমক খাকে মূৰি মে ডালতা হে। জো ভী হো জিছনে ভী কিয়া আচ্ছা কিয়া। আজ ছে মূৰি মে নমক ডালো।"

এইফালে লাঙি দাই শুনি "অল ইজ ৱেল, অল ইজ ৱেল"

Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্রহ "ঔ"

ঔটো পৰি কপৌটো মৰিল
বগ নিৰামহি খাই,
সখীয়তী চৰায়ে ছমাহলৈ বিনালে
সম্বন্ধত একোদাল নাই।।

ফকৰা যোজনাৰ সংগ্ৰহ

অ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
অভ্যাসৰ নৰ,
কৰ্ণপথে কৰে শৰ.....

আ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
আইৰ সমান হব কোন,
নৈৰ সমান বব কোন.....

ই ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ইয়াত মাৰিলো টিপা,
গড়গাওঁ পালেগৈ শিপা.....

উ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
উপদেশতকৈ আৰ্হি ভাল.....

এ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
এশ গৰু মাৰিলে বাঘৰো মৰণ.....

ও ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ওঁঠ চেপিলে গাখীৰ ওলাব....

ঔ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ঔটো পৰি কপৌটো মৰিল
বগ এ নিৰামহি খাই,
সখীয়তী চৰায়ে ছমাহলৈ বিনালে
সম্বন্ধত একোদাল নাই.....

ক ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
কথাত কটা যায়,
কথাত বটা পায.....

খ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
খাই পাত ফলা.....

গ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
গাত নাই চাল বাকলি,
মদ খাই তিনি টেকেলি.....

ঘ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ঘঁহোটে ঘঁহোটে শিলো ক্ষয় যায.....

চ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয়.....

ছ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ছোৱালীৰ কুৰিতে বুঢী....

জ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
জী ভালেই জোৱাই ভাল,
আপোন ভালেই জগত ভাল.....

ট ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
টেঙা আম এবাৰহে বেছিব পাৰি.....

ঠ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ঠন ঠন মদন গোপাল,
একেটা বৰলাৰ নখন চোতাল.....

ড ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ডঁৰিত বান্দৰ নাচে.....

ঢ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ঢেঁকী স্বৰ্গলৈ গৈও ধানহে বানিব.....

ত ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
তুমি যদি ডালে ডালে,
মই পাতে পাতে.....

থ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
থলত থল ৰজা
পোতা পুখুৰীত বাকেই ৰজা.....

দ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
দুৰৰ পাহাৰ দেখবা ভাল,
ওচৰত গেলি খাল আৰো বাম.....

ধ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ধাৰত পৰিলে শিলো উটে,
সপোন দেখিলে বুঢ়ায়ো মূতে.....

ন ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
নলগা জেঙত লগা.....

প ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
পানীত হাঁহ নচৰে দেখোন.....

ফ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ফটা বাঁহ জোৰা নালাগে.....

ব ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
বাঘৰ নেজেৰে কাণ খজুৱা.....

ভ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ভবা কথা নহয় সিদ্ধি,
বাটত আছে কনা বিধি.....

ম ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
মাতিলে ৰণলৈও যাবা,
নামাতিলে ভোজলৈও নাযাবা.....

য ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
যতে বাঘৰ ভয়, ততে ৰাতি হয়.....

ৰ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
ৰাইজে নখ জোকাৰিলে নখ বয.....

ল ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
লোভে পাপ,পাপে মৃত্যু.....

শ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
শিয়ালৰ জাক জাক,
সিংহৰ এটাই যথেষ্ট.....

স ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
সময়ৰ টিকণি আগফালে.....

হ ৰে আৰম্ভ হোৱা ফকৰা যোজনাৰ বাবে তলৰ লিংকটো ক্লিক কৰক...
হাঁহ চোৰৰ মুৰত পাখী,
কঁঠাল চোৰৰ আঠায়ে সাক্ষী.....

ফকৰা যোজনাৰ ওপৰত লিখা কবিতা
ফকৰাৰ বিয়া প্রস্তাব.....

ফকৰা যোজনাৰ সংগ্ৰহ "ও"

1. ওচৰৰ আলহী নকৰে কাণ,
নৰিয়াত পৰিলে আহে কাম :
ওচৰ-চুবুৰিয়াক কেতিয়াও অৱজ্ঞা কৰিব নালাগে, কাৰণ বিপদত ওচৰ-চুবুৰিয়াই সহায় কৰে।
2. ওস্তাদৰ খেল শেষ ৰাতি :
পাৰ্গত লোকে প্ৰথমতে হাৰিলেও শেষত জিকিবই।
3. ওপৰলৈ পানী চতিয়ালে নিজৰ গাতে পৰে:
নভবা নিচিন্তাকৈ কাম কৰিলে নিজলৈকে বিপদ আহে।
4. ওঁঠ চেপিলে গাখীৰ ওলোৱা :
সৰু হৈ ডাঙৰৰ দৰে কথা কলে অপমান সুচক ভাবত ব্যৱহাৰ কৰা হয়৷
5. ওলায়েই দেখিবা যাক,
শতৰু নুবুলিবা তাক:
ওচৰ-চুবুৰিয়াৰ লগত শত্ৰুতা কৰিব নালাগে।

ফকৰা যোজনাৰ সংগ্ৰহ "এ"

1. এদেও, দুদেও, লোটা নিয়াৰ চেওঁ :
সুবিধা পালে চুৰি কৰা।
2. এন্দুৰক সেন্দুৰ পিন্ধোৱা:
কুৰূপ ব্যক্তিক কৃত্ৰিম উপায়েৰে অধিক সুন্দৰ কৰিবলৈ যত্ন কৰা৷
3. এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া:
সুযোগ বিচাৰি ফুৰা মানুহক অধিক দুষ্টালি কৰিবলৈ চল দিয়া৷
4. এবাৰ সাপে খালে কেঁচুলৈকো ভয়: এবাৰ বিপদত পৰিলে পিছ্ত বেছি সাৱধান হোৱা।
5. একে গছৰ পাণ,
সি নো হব কি আন :
একে বংশৰ মানুহৰ স্বভাৱ-চৰিত্ৰ একে হয়।
6. এশ গৰু মাৰিলে বাঘৰো মৰণ :
বনৰ বাঘ মাজে মাজে গাওত আহি পোহনীয়া গৰু মহ আদি মাৰি খায়, কিন্তু
কোনো এটা বাঘে যদি নিয়মিয়াকৈ আহি পোহনীয়া জন্তু আক্ৰমন কৰে তেনেহলে গাওৰ ৰাইজে মিলি বাঘটো মাৰি পেলায়। অৰ্থাৎ বহু বেছি বেয়া কাম কৰিলে শেষত নিজে বিপদত পৰিব লাগে।
7. ডাকৰ বচন
এশ এজুপি ৰুবা কল
মাহেকে পষেকে চিকুনাবা তল
পাত-পচলা লাভত খাবা
লংকাৰ বাণিজ্য ঘৰত পাবা
8. এখন হাতেৰে চাপৰি নাবাজে :
কাজিয়া লাগিবলৈ কমেও দুটা পক্ষ্য লাগে। যেনেদৰে এখন হাতেৰে চাপৰি বজাব নোৱাৰি তেনেদৰে এটা পক্ষ্যই
অকলে কাজিয়া কৰিব নোৱাৰে।
9. ডাকৰ বচন
এগুন চাউল দুগুন পানী,
জল দিবা টানি টানি:
ভাত বনাওতে যিমান চাউল দিয়া হয়, তাৰ দুগুন পানী দিব লাগে।
10. এঘৰৰ পাটনাদ,
এঘৰৰ জৰী,
এঘৰে পানী তুলে
হুৰূস হুৰূস কৰি:
লোকৰ বস্তুৰে নিজৰ কাম কৰা।
11. এদিন বামুনৰ,
এদিন বহুৱাৰ :
সকলোৰে এদিন নহয় এদিন ভাল দিন আহে।
12. এনেই বুঢ়ী নাচনী,
তাতে নাতিনীয়েকৰ বিয়া:
বুঢ়ী এগৰাকীয়ে যদি নাচি ভাল পায়,
তেনেহলে নাতিনিয়েকৰ বিয়া হলেতো কথাই নাই, মন প্ৰাণ ঢালি নাচিব।। অৰ্থাৎ যি কাম কৰিব ভাল পায়, সেই কামকে কৰিব সুবিধা পোৱা।
13. এনেই মৰিচো ঋষিৰ শাপত,
তাতে দিছে ধানৰ ভাপত:
বিপদত পৰি থকোতে অন্য এটা বিপদ হোৱা।
14. এৰি দিয়া শৰ ঘুৰাই আনিব নোৱাৰি :
কোৱা কথা ঘুৰাই আনিব নোৱাৰি।
15. এৰিলে মন ঘোৰাৰ ছুটি,
বান্ধিলে মন শিলৰ খুটি :
নিজৰ মনক নিজে নিয়ন্ত্ৰন কৰিব পাৰি।
মনটো এৰি দিলে ঘোৰাৰ দৰে দৌৰি ফুৰিব, আনহাতে বান্ধি ৰাখিলে শিলৰ খুটিৰ দৰে স্থিৰ হৈ থাকিব।
16. ডাকৰ বচন
এহাত এমুঠন দিবা পোত,
তেতিয়াহে চাবা কলৰ গোট:
কলপুলি ৰুলে মাতিৰ এহাত এমুঠি তলত ৰুব লাগে।
17. এবাৰ হাগি দহ বাৰ উলটি চোৱা:
খুব বেছি কৃপণ, ইমানেই কৃপণ যে শৌচ
কৰি উঠি বাৰে বাৰে উলটি চায় বেছিকৈ শৌচ কৰিলে নেকি। ব্যঙ্গত্মক ভাবত ব্যৱহাৰ হয়।
18. এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক :
ইমান বেছি দুৰ সম্পৰ্কৰ মানুহ যে সম্পৰ্কীয় বুলি কব নোৱাৰি।
19. এঘৰৰ পাটনাদ এঘৰৰ জৰী
এঘৰে পানী তোলে হোৰোস হাৰাস কৰি
20. এলাগিক নকৰিবা হেলা,
এলাগিয়েহে তৰিব বিপদৰ বেলা।।

ফকৰা যোজনাৰ সংগ্ৰহ "উ"

1. ডাকৰ বচন
উত্তৰে গাজিলে জানিবা খৰ,
দক্ষিণে গাজিলে মাৰিবা লৰ:
উত্তৰ ফালে মেঘে গাজিলে বৰষুণ নহয়, কিন্তু দক্ষিণ ফালে গাজিলে যথেষ্ট বৰষুণ হয়।
2. উপকাৰীক অজগৰে খায়:
অজগৰ সাপক উপকাৰ কৰিলেও সুবিধা পালে উপকাৰি জনক খায়, অৰ্থাৎ যাকে তাকে উপকাৰ কৰিব নালাগে।
3. উপদেশতকৈ আৰ্হি ভাল:
কিবা এটা কাম কৰাৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুওৱা ভাল।
4. উৰহৰ খং ভঙা ঢাৰীত জৰা:
সাধাৰণতে বিচনা লেতেৰা হ'লে তাত উৰহ নামৰ পোক বিধ হয় আৰু ৰাতি সি শুই থকা মানুহক কামোৰে৷ আনহাতে বিচনাৰ তলত থকা ভগা ঢাৰীতে সেই উৰহ থাকে বুলি জানি উৰহক বিচাৰি নাপাই ঢাৰীকে মৰিয়াই হাৰাশাস্তি কৰে৷ অৰ্থাৎ কাৰোবাৰ খং কাৰোবাৰ ওপৰত সৰা বিষয়ত ইয়াক ব্যৱহাৰ কৰা হয়৷
5. উমৈহতিয়া শ বাহী শ হয় :
ৰাজহুৱা সম্পত্তি চোৱা চিতা কৰা মানুহৰ
অভাৱ।
6. উদঙিয়া গৰু, ঢাকণি নাইকিয়া চৰু:
নিয়ন্ত্ৰনহীন।
7. উদক ভেটা ৰখিয়া পতা :
সাধাৰণতে সকলোৱে জানে যে উদে মাছ খায়৷ কিন্তু সেই উদকে যদি মাছ ধৰিবৰ
কাৰণে মৰা ভেটা ৰাখিবলৈ দিয়া হয়
তেন্তে তাৰ ফল উলোটাহে হ'ব৷ অৰ্থাৎ যি মানুহ যি বস্তুৰ প্ৰতি অধিক আসক্ত বা দূৰ্বলতা আছে তাক সেই বস্তুৰে ৰখিয়া পতা৷
8. উদৰ সম্মুখৰ শালপোণা :
উদৰ সম্মুখত শাল মাছ বা পোনা মাছৰ কোনো বাচ বিচাৰ নোহোৱাৰ দৰে চিকাৰিৰ সন্মুখত কোনো চিকাৰৰ বাচ
বিচাৰ নহয়৷
9. উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাওতেই:
উদ মাছ খোৱা জীৱ, সি সাধাৰণতে মাছ কেচাই খায় আৰু তেনেদৰেই চলি আছে৷ অৰ্থাৎ আগৰ প্ৰচলিত ৰীতি সহজতে এৰিব নোৱাৰা।
10. উলুৰ লগত বগৰী পোৰা যোৱা :
সাধাৰণতে উলুৱনিত বগৰি গছ থাকে, কিন্তু উলুৱনিত জুই দিয়াৰ সময়ত সেই
বগৰি গছো পোৰা যায়৷ অৰ্থাৎ অসৎ মানুহৰ সঙ্গত ভাল মানুহ থাকিলেও তেওঁৰো বিপদ হ'ব পাৰে৷
11. উপৰে মাতোতাৰ বাটত ঘৰ
আহোতে লাঠি যাওতে চৰ।।
অর্থাত মানুহৰ কথাৰ মাজত সোমাই হোৱাই নোহোৱাই মাত মতাজনৰ যেতিয়াই তেতিয়াই যি কোনো মানুহৰ দ্বাৰা অপমানিত হোৱাৰ সম্ভাবনা থাকে।।
12. উদয়ে সিন্দুৰ পশ্চিমে কাল,
তেবেসে হৈব বৰিষণ ভাল।