Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "এ"

1. এদেও, দুদেও, লোটা নিয়াৰ চেওঁ :
সুবিধা পালে চুৰি কৰা।
2. এন্দুৰক সেন্দুৰ পিন্ধোৱা:
কুৰূপ ব্যক্তিক কৃত্ৰিম উপায়েৰে অধিক সুন্দৰ কৰিবলৈ যত্ন কৰা৷
3. এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া:
সুযোগ বিচাৰি ফুৰা মানুহক অধিক দুষ্টালি কৰিবলৈ চল দিয়া৷
4. এবাৰ সাপে খালে কেঁচুলৈকো ভয়: এবাৰ বিপদত পৰিলে পিছ্ত বেছি সাৱধান হোৱা।
5. একে গছৰ পাণ,
সি নো হব কি আন :
একে বংশৰ মানুহৰ স্বভাৱ-চৰিত্ৰ একে হয়।
6. এশ গৰু মাৰিলে বাঘৰো মৰণ :
বনৰ বাঘ মাজে মাজে গাওত আহি পোহনীয়া গৰু মহ আদি মাৰি খায়, কিন্তু
কোনো এটা বাঘে যদি নিয়মিয়াকৈ আহি পোহনীয়া জন্তু আক্ৰমন কৰে তেনেহলে গাওৰ ৰাইজে মিলি বাঘটো মাৰি পেলায়। অৰ্থাৎ বহু বেছি বেয়া কাম কৰিলে শেষত নিজে বিপদত পৰিব লাগে।
7. ডাকৰ বচন
এশ এজুপি ৰুবা কল
মাহেকে পষেকে চিকুনাবা তল
পাত-পচলা লাভত খাবা
লংকাৰ বাণিজ্য ঘৰত পাবা
8. এখন হাতেৰে চাপৰি নাবাজে :
কাজিয়া লাগিবলৈ কমেও দুটা পক্ষ্য লাগে। যেনেদৰে এখন হাতেৰে চাপৰি বজাব নোৱাৰি তেনেদৰে এটা পক্ষ্যই
অকলে কাজিয়া কৰিব নোৱাৰে।
9. ডাকৰ বচন
এগুন চাউল দুগুন পানী,
জল দিবা টানি টানি:
ভাত বনাওতে যিমান চাউল দিয়া হয়, তাৰ দুগুন পানী দিব লাগে।
10. এঘৰৰ পাটনাদ,
এঘৰৰ জৰী,
এঘৰে পানী তুলে
হুৰূস হুৰূস কৰি:
লোকৰ বস্তুৰে নিজৰ কাম কৰা।
11. এদিন বামুনৰ,
এদিন বহুৱাৰ :
সকলোৰে এদিন নহয় এদিন ভাল দিন আহে।
12. এনেই বুঢ়ী নাচনী,
তাতে নাতিনীয়েকৰ বিয়া:
বুঢ়ী এগৰাকীয়ে যদি নাচি ভাল পায়,
তেনেহলে নাতিনিয়েকৰ বিয়া হলেতো কথাই নাই, মন প্ৰাণ ঢালি নাচিব।। অৰ্থাৎ যি কাম কৰিব ভাল পায়, সেই কামকে কৰিব সুবিধা পোৱা।
13. এনেই মৰিচো ঋষিৰ শাপত,
তাতে দিছে ধানৰ ভাপত:
বিপদত পৰি থকোতে অন্য এটা বিপদ হোৱা।
14. এৰি দিয়া শৰ ঘুৰাই আনিব নোৱাৰি :
কোৱা কথা ঘুৰাই আনিব নোৱাৰি।
15. এৰিলে মন ঘোৰাৰ ছুটি,
বান্ধিলে মন শিলৰ খুটি :
নিজৰ মনক নিজে নিয়ন্ত্ৰন কৰিব পাৰি।
মনটো এৰি দিলে ঘোৰাৰ দৰে দৌৰি ফুৰিব, আনহাতে বান্ধি ৰাখিলে শিলৰ খুটিৰ দৰে স্থিৰ হৈ থাকিব।
16. ডাকৰ বচন
এহাত এমুঠন দিবা পোত,
তেতিয়াহে চাবা কলৰ গোট:
কলপুলি ৰুলে মাতিৰ এহাত এমুঠি তলত ৰুব লাগে।
17. এবাৰ হাগি দহ বাৰ উলটি চোৱা:
খুব বেছি কৃপণ, ইমানেই কৃপণ যে শৌচ
কৰি উঠি বাৰে বাৰে উলটি চায় বেছিকৈ শৌচ কৰিলে নেকি। ব্যঙ্গত্মক ভাবত ব্যৱহাৰ হয়।
18. এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক :
ইমান বেছি দুৰ সম্পৰ্কৰ মানুহ যে সম্পৰ্কীয় বুলি কব নোৱাৰি।
19. এঘৰৰ পাটনাদ এঘৰৰ জৰী
এঘৰে পানী তোলে হোৰোস হাৰাস কৰি
20. এলাগিক নকৰিবা হেলা,
এলাগিয়েহে তৰিব বিপদৰ বেলা।।

No comments:

Post a Comment