Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ল"

1. লুইতেহে জানে বঠা কিমানলৈ বহে
2. লুকাই খালে ধুকাই যায়,
বাটি খালে আটি যায়
3. লোকলৈ বুলি হুল পুতি
নিজে মৰে ফুটি
4. লোভে পাপ,
পাপে মৃত্যু
5. লোহাৰেহে লোহা কাটিব পাৰি : কাৰোবাক পৰাস্ত্ৰ কৰিব হলে তাৰ সমানেই শক্তি থাকিব লাগে।
6. লাগি থাকিলে মাগি নাখায় :
যি অনৰহ কাম কৰি থাকে, সি আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে।
7. লগনি নহ'লে জুই নজ্বলে,
টুটকীয়া নহ'লে গাঁও নবহে।

No comments:

Post a Comment