Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "চ"

১. চকুৰ আঁতৰ হলে মনৰো আঁতৰ
২. চৰুক সুধি ভাত ৰন্ধা
৩. ডাকৰ বচন:
চাউল দিবা জেতেক-পেতেক,
পানী দিবা তিনি তেতেক,
যেবে দেখিবা নিসিজে চাউল,
তেবে বুলিবা ডাকক বাউল:
ভাত বনোৱাৰ বিধি।
৪. চল চাই কঠীয়া পৰা :
সঠিক সময়ত কৰিবলগা কাম কৰা।
৫. চাপৰিলে মেঘ নেৰায়
৬. চাপৰি যোৱাকে কুঁজা বোলে,
লাখুটি লোৱাকে বুঢ়া বোলে :
কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰিলেও আচাৰ- ব্যৱহাৰৰ পৰাই ধৰা পৰে৷
৭. চাল-বেৰৰো কাণ থাকে
৮. চোৰ গলে বুদ্ধি/লাঠি,
বৰষুণ গলে জাপী :
কোনো বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাৰ কাৰণে কৰা যিকোনো প্ৰতিৰোধমূলক প্ৰচেষ্টাৰ কোনো অৰ্থ নাথাকে৷
৯. চোৰক মোৰে পায়
১০. চোৰক ঘৰ ৰখীয়া পতা
১১. চোৰে নিয়া গৰুৰ বাটে বাটে ঘাঁহ
১২. চোৰে নেৰে চোৰৰ স্বভাৱ,
কুকুৰে নেৰে চাঁই,
যাৰ যি স্বভাৱ,
মৰিলে লগত যায়
১৩. চোৰেহে চোৰৰ ঠেং দেখে :
বেয়া চৰিত্ৰৰ মানুহে সদায় আনৰ বেয়াটোকে দেখে৷
১৪. চৰণেহে জানে মৰনৰ ঠাই,
চুচুৰি বাগৰি তালৈকে যায়
১৫. চল পালে কুকুৰে ডিঙিলৈকে জপিয়াই
১৬. চকু লাল, বুকু খাল,
সেই পুৰুষৰ লক্ষণ ভাল
১৭. চিকুটি লাও বুঢ়া কৰা :
অনাগত বিপদৰ আগজাননী দিয়া।
১৮. চুকট খাই বুকুত কামোৰ মৰা :
নিকট আত্মীয় মানুহেই অনিষ্ট কৰা।
১৯. চুঙা চাই সোঁপা
২০. চোৰৰ মন পুলিচ পুলিচ
২১. চিৰকাল মানুহৰ সমানে নাযায়.
ৰাজপুত্র যায় বন, দৰিদ্রৰো সিংহাসন
২২. চৰাই মৰে ৰৈ
মানুহ মৰে কৈ:
চৰাই এবিধ উৰিব পৰা প্রাণী। উৰি থকা অবস্থাত ইয়াক সহজে বধ কৰিব নোৱাৰি। কিন্তু যেতিয়াই ই আহাৰ গ্রহণৰ বাবেই হওক বা জীৰণীৰ বাবেই গছৰ ডাল বা আন কৰবাত ৰয় ইয়াক বধ কৰা সহজ হৈ পৰে। ঠিক তেনেদৰেই মানুহ এজনৰ নভবা নিশ্চিন্তাকৈ কোৱা কথাই মানুহজনক অপমানিত কৰিব পাৰে।
২৩. চাঁচ হ'লে চাঁচে,
ছলি হ'লে পাঁচে
২৪.চিনাকী বামুণৰ কিহৰ লগুণ,
জ্ঞানী লোকৰ মুখেই দাপোণ ।

No comments:

Post a Comment