Thursday 24 July 2014

অহঙ্কাৰেই অধপতনৰ মূল!!

গোৱালৰ পদূলিমুখত আছিল এটা গোবৰৰ   দম। সেই দমটোকে লৈ দুটা মতা কুকুৰাৰ লাগিল খোৱাকামৰা। এটাই কয় "সেইটো তাৰ দম। তাত থকা পোক-পৰুৱাবোৰ সি অকলে খাব।" আনটোৱে কয় "তেনে কথা নহব। সেই দমটো তাৰ। সেইটো সি কেতিয়াও এৰি নিদিয়ে।" এই কথাকে লৈ দুইটাই আৰম্ভ কৰি দিলে যুঁজ। একেবাৰে ৰাম-ৰাৱণৰ যুঁজ। পাখিয়ে পাখিয়ে, ঠেঙে-ঠেঙে, ঠোটে-ঠোটে দুয়ো যুঁজিবলৈ ধৰিলে। এপৰমান বেলা কুকুৰা হালে যুঁজিয়েই থাকিল।
      অৱশেষত যুঁজি যুঁজি এটা কুকুৰা ভাগৰি পৰিল। সি হাৰ মানি ইটো কুকুৰাৰ ভয়তে গড়ালত সোমাই থাকিলগৈ। যিটো কুকুৰাৰ জয় হ'ল তাক এতিয়া কোনে পায়? সি পর্বতৰ টিলা এটাত উঠি লৈ আনন্দতে চিবলৈ ধৰিলে "কক্ কক্ ককৰে কক্ অর্থাত মই জিকিলোঁ, সি হাৰিছে। মই ৰজা, সি চাকৰ।
      সেই সময়তে এটা ঈগল চৰাই গছৰ ওপৰত পৰি আছিল। সি সেই চিঞৰ-বাখৰ শুনি তললৈ চালে। তলত নিজকে ৰজা বুলি ভাবি গপতে ওফন্দি গঙ্গাটোপ হৈ থকা কুকুৰাটো দেখি ছোঁ মাৰি একে থাপে তাক উৰুৱাই লৈ গল। গছৰ ওপৰত তুলি লৈ ঈগলটোয়ে কুকুৰাটোৰ মাংস দকচি খালে।
        ভয়ত পেপুৱা লাগি গড়ালত সোমাই থকা কুকুৰাটোৱে লাহে লাহে ওলাই আহি গোবৰৰ দমত থকা পোক-পৰুৱাবোৰ খুচৰি খুচৰি খাবলৈ ধৰিলে।

"কুকুৰা ৰজাক ঈগলে কয়
অহঙ্কাৰ হ'লে পতন হয়।।"

1 comment:

  1. Borgata Hotel Casino & Spa: Sports Betting, Poker Room, Dining
    군산 출장안마 Borgata Hotel Casino › 오산 출장마사지 Borgata Hotel 순천 출장샵 Casino & Spa is your 광명 출장안마 new-hotel, with amenities you can't get anywhere 성남 출장샵 else. Make Atlantic City your new home, casino & resort.

    ReplyDelete