Wednesday 2 July 2014

সপোন

সিদিনা তাইক চাব অহাৰ কথা আছিল
তাই নাজানিছিল।
পখিলা খেদি ফুৰা তাইক জানো কৈছিল
কোনোবাই?
যে তাই এতিয়া গাভৰু হ’ল।।

তাইৰ বহুত সপোন
এখনি বহল পৃথিৱীৰ মালিক তাই।
নিজৰমতে মেলিব পাৰে দুহাত।।

মা দেউতাৰ সপোন.....
তাই খেদিফুৰা পখিলাবোৰ আহি বহকহি তাইৰ কোলাত।।

একেখন আকাশৰ তলতে দেখা সপোনবোৰ
ডাঁৱৰে আৱৰে মাজে মাজে
কোনোবা এঠাইত।।

আকাশটো এখনেই..
পখিলাবোৰ উৰিবই…
কেতিয়াবা ফুলত
কেতিয়াবা তাইৰ হাতত পৰিবহি।।

No comments:

Post a Comment