Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ত"

1. তাতো নাহিলো খাই,
ইয়াতো পাবলৈ নাই
2. তিৰিৰ কপালে ধন,
পুৰুষৰ কপালে জন
3. তিৰিৰ চুটি বাঢ়নীৰ বুতি
4. তেজ ধুলে উটে,
মঙহ ধুলে নুটে
5. তেলিয়াই কান্দে তেল পেলাই, কপহুৱাই কান্দে লেত পেলাই
6. তিলকে তালতো কৰা :
সৰু কথা এটাকে ডাঙৰ কৰা৷
7. তেলিৰ মুৰত তেল
8. তেজ ধুলে উটে,
মঙহ ধুলে নুটে
9. তোমাৰ বাৰিৰ বাঁহগাজ
কাটি তাৰে কৰিছো খৰিছা,
তোমাকে দি ধান দোন ললো,
কথাটো মন কৰিছা :
আনৰ বস্তুৰে আনকে বেছি নিজে উপাৰ্জন কৰা স্বভাৱ৷
10. তুলসীৰ লগত কলপতুৱাৰো মুক্তি :
তুলসীক প্ৰবিত্ৰ বস্তু বুলি ভবা হয় আৰু কোনো মাঙ্গলিক কামত কলপাতত তুলসী দিয়া হয়৷ ফলত তাৰ লগত দিয়া কলপাত খিলাও পবিত্ৰ হৈ পৰে৷ সেইদৰে কোনো সৎ বন্ধুৰ সঙ্গত থাকিলে অসৎ বন্ধু জনো ভাল পথে যাব পাৰে৷
11. তৰিলে দেশ, মৰিলে স্বৰ্গ :
দেশৰ হকে যুঁজি বাচি থকিলে দেশৰ স্বাধীনতা উপভোগ কৰিব পাৰিবা, আনহাতে সেই যুদ্ধত মৃত্যু হলেও স্বৰ্গলৈ যাবা।
12. তোপোলা দেখিলে তোপোলা যাচে,
ৰ ৰ তোলৈও তোপোলা আছে :
কাৰোবাক কিবা এটা দিলে তেঁও ও ঘুৰাই
কিবা এটা দিব।
13. তুমি যদি ডালে ডালে,
মই পাতে পাতে :
তুমি যদি টেঙৰ, তেনেহলে মই নোম-টেঙৰ৷

No comments:

Post a Comment