Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "জ"

1. জী ভালেই জোৱাই ভাল,
আপোন ভালেই জগত ভাল :
নিজৰ জী যদি ভাল হয় তেন্তে জোৱাই
বেয়া হ’লেও ভাল কৰি ল’ব পাৰিব৷ সেই দৰে নিজেই যদি ভাল হয় তেন্তে আন কোনেও নিজক বেয়া কৰিব নোৱাৰে৷
2. জোৰ যাৰ মুলুক তাৰ:
যাৰ শক্তি বেছি সেই ব্যক্তিহে সমাজত জীয়াই থাকিব পাৰে৷
3. জোকৰ মুখত চূন :
জোকৰ মুখত চূন দিলে আহি থকা জোকডাল যেনেদৰে কোচ খায় যায় তেনেদৰে বেছিকৈ আত্মপ্ৰশংসা বা আনৰ
কথা কৈ থকা ব্যক্তিৰ মুখৰ আগতে তাৰ সম্পূৰ্ণ বিপৰীত কথা কৈ তেওঁৰ মুখ বন্ধ কৰা৷
4. জোৰ পুৰি হাত পোৱা :
কোনো এটা বিপদ একেবাৰে কাষত আহি পোৱা৷
5. জোৱাঁয়ে নিলেও নিয়া,
যমে নিলেও নিয়া।
6. জ্বলা জুইত ঘিঁ ঢলা :
জুইত ঘিঁ ঢালিলে সি বেছিকৈ জ্বলি উঠে অৰ্থাৎ কাৰোবাৰ খঙত অধিক খং উঠিব পৰা কথা কোৱা৷
7. জ্বৰে এৰিলেও কৰ্পাটিয়ে নেৰা:
নেৰা-নেপেৰা বিপদ৷
8. জালকে বুলিলে জকাই,
আন্ধাৰে মুধাৰে চিনিব নোৱাৰি ,
পৈয়েকক বুলিলে ককাই ll

No comments:

Post a Comment