Wednesday 2 July 2014

সাঁথৰ

ওপৰৰ পৰা সৰা টেকেলীত
এশটা ভেকুলী কেনেকৈ থাকে??
“কঁঠাল” খাই পোৱাজনে বাৰুকৈৱে বুজে
“বিচনী”খন ঘুৰাই ঘুৰাই ভেবেলাই ভাবে
এঠেঙীয়া বগলীয়ে গধুলিহে কিয় নাচে??

এডাল খেৰ বেৰা ঘৰটোত
“মমডাল” জলাই ললো;
উপি উপি বাটত চুপি থকা “জোকক”
নিমখ দি মাৰিলো।

পেট আছে পেটু নাই,
মুখ আছে জিভা নাই;
পিয়াহত ডিঙি শুকাই গৈছে
“কলহত” পানী নাই।।

য’লৈ যোৱা মোক লগত লৈ যোৱা
মইযে তোমাৰ “ছায়া”;
ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰাতকৈ
“আঠুৱা” টানি লোৱা।।

No comments:

Post a Comment