Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ

১. পাপীৰ লগত যমদুতৰ শাস্তি :
অপৰাধীৰ লগত আৰক্ষীৰ লোকেও শাস্তি খাব লাগে।
২. পাগলে নকয় কি,
ছাগলে নাখাই কি
৩. পানীত হাঁহ নচৰা অৱস্থা
৪. পাপীৰ পিঠাত মন
৫. পৰ্বতত কাছৰ কনী বিচৰা
৬. পৰত কুকুৰ,
ঘৰত মানুহ(সৰভোগ অঞ্চলত প্রচলিত)
৭. পৰৰ পালে জ্বৰৰ গাৰে খোৱা:
লোকৰ বস্তু প্ৰতি মানুহৰ থকা আসক্তি ।
৮. পৰৰ মূৰত কঁঠাল ভঙা
৯. পোৱতিয়েহে জানে প্ৰসৱ বেদনা কি
১০পথাৰৰ মাজৰ মুঢ়া,
যৰে পৰা চোৱা তৰে পৰাই পোন
১১পুহত কল, মাঘত জল,
তেহে পাবা গাত বল
১২পঢ়ে পঢ়াই ৰোৱে পাণ,
এই তিনিয়ে নিচিন্তে আন :
ছাত্ৰই পঢ়াৰ বাহিৰে বেলেগ একো নকৰে,
শিক্ষকে পঢ়োৱাত নিমগ্ন থাকে, খেতিয়কে খেতিৰ
বাহিৰে বেলেগ চিন্তা নকৰে, অৰ্থাৎ যাৰ যি কাম তাতে ব্যস্ত থকা।
১৩.পঢ়িবা শুনিবা পাইবা দুখে,
মৎস্য মাৰিবা খাইবা সুখে
১৪পৰুৱাৰ পাখি গজে মৰিবলৈ :
নিজৰ ক্ষমতাতকৈ বেছি কাম কৰিব গলে বিপদত পৰিব পাৰে।
১৫পুত্ৰক চিনিবা বিবাহৰ পৰে,
বিপদে চিনিবা মিত্ৰে কি কৰে।
১৬.ডাকৰ বচন
পতি সেৱা গধুলি ৰাতি;
সেই নাৰি লখিমী জাতি।

No comments:

Post a Comment