Friday 25 July 2014

কলা এঙাৰ গাখীৰেৰে ধুলেও বগা নহয়

এদিন জাৰকালি মঙলা কাই পথাৰৰ পৰা ঘৰলৈ উলতি আহিছে। সি দেখা পালে আলিৰ তিনিকেকুৰীতে এডাল সাপ জাৰতে ঠোৰোঙা লাগি আধা মৰা হৈ আছে। সাপটোৰ তেনে মৰো মৰো অৱস্থা দেখি মঙলাৰ তালৈ পুতৌ জাগিল। হাজাৰ হওক ঈশ্বৰৰ সৃষ্টিৰ এটা প্রাণী। চকুৰ আগতে তাক আওমৰণে মৰিবলৈ এৰি দিব নোৱাৰি। মঙলাই আতৌপুতৌ কৰি সাপটো বুটলি ঘৰলৈ আনিলে। তাক সেক-পোতক দিলে।

সাপটো যেতিয়া ভাল হল, সি ওচৰতে শুই থকা মঙলাৰ কেঁচুৱা ল'ৰাটোক খাবলৈ ফেট মেলি ফোঁচ ফোঁচ শব্দ কৰিলে। মঙলাৰ ঘৈণীয়েকে ততালিকে কেঁচুৱাটোক ভিতৰলৈ লৈ গল।উপকাৰীক অজগৰে খাব খোজা দেখি মঙলাৰ খঙে চুলিৰ আগ পালেগৈ। সি চকুৰ পচাৰতে এডাল টাঙোনেৰে সাপৰ মূৰত দিলে মাধমাৰ। সেই একে মাৰতেই সাপ বপুৰাই পালেগৈ যমৰ দ্বাৰ। মঙলাই কলে "সাপ যি সাপেই, তাৰ হিংসুকীয়া স্বভাৱ কেতিয়াও নাযায়।"

""গাখীৰেৰে যদি ধোৱা এঙাৰ।
তথাপি নেযায় ক'লা বৰণ তাৰ।।""

No comments:

Post a Comment