Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "স"

1. সময়ৰ টিকণি আগফালে উৰে
2. সময়ৰ শৰ সময়ত মাৰিবা:
যি সময়ত যি কাম কৰিব লগা আছে, সেই সময়তেই সেই কাম কৰিব লাগে, সময়ত নকৰি পিছলৈ পেলাই থলে বিপদত পৰিবলগা হব পাৰে৷
3. সৰুৱে পানী পেলাই,
ডাঙৰে পিছল খাই :
সৰু লৰা- ছোৱালীৱে কৰা দোষৰ শাস্তি সিহতৰ অভিভাৱকে পায়৷
4. সান্দহ খোৱা বালি তল যোৱা
5. সাপ মাৰি নেগুৰত বিষ এৰা
6. সৰিয়ঁহৰ ডুলিত ভুত
7. সন্ধিৰ বাঁহ বুদ্ধিৰে কটা
8. সকলো চৰাইয়ে মাছ খায়,
মাছৰোকাৰ নাম ৰয় :
মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই৷ কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ
নামহে কোৱা হয় ৷ অৰ্থাৎ সকলো মানুহে দোষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে৷
9. সকলো জিলিকা বস্তু সোণ নহয়
10. সাগৰেদি উটি যায় শংখ,
নেগুৰিয়া শামুকে কয় ময়ো তাৰে বংশ
11. সাত পুৰুষত নহ’ল গাই,
কঁৰীয়া লৈ খীৰাবলৈ যায়:
সাধাৰণতে ফুটনি মৰা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷ কোনো মানুহৰ সামান্য কাম এটা কৰাৰোঁ সক্ষমতা নাথাকে কিন্তু আনক দেখুৱাই ডাঙৰ
ডাঙত কাম কৰাৰ কথা কয়৷ অৰ্থাৎ ঘৰত গাই-গৰু নথকাকৈয়ে গাখীৰ খিৰাবলৈ যোৱাৰ দৰে কথা৷
12. সাতে পাতল, পাঁচে ঘন,
ছয়ে তামুল/তামোল নদন বদন
13. সাত পো বাৰ নাতি,
তেহে কৰিবা কুহিয়াৰ খেতি
14. সু জল বৰিষণা,
সু মত্স্য দৰিকণা
15. সু তিৰী ফেদেলী,
সু ফল কদলী
16. সাতোৰ সাতোৰ নিজ বাহু বলে, সাতুৰিব নোৱাৰিলে যা ৰসাতলে:
পানীত পৰি সাতোৰিব নোৱাৰিলে মৃত্যু নিশ্চিত৷ অৰ্থাৎ নিজৰ বাহু বলে কোনো কাম কৰিব নোৱাৰি আনৰ ওপৰত নিৰ্ভৰ
কৰি থাকিলে একো ফল লাভ কৰিব নোৱাৰি৷
17. সাপে নাপাহৰে ককালৰ কোব,
মাকে নাপাহৰে পুত্ৰৰ শোক :
সাধাৰণতে সাপৰ স্মৃতি শক্তি অতি প্ৰখৰ৷ কোনোবা ব্যক্তিয়ে সাপক অনিষ্ট কৰিলে সেই ব্যক্তি জনক কেতিয়াও নাপাহৰে আৰু আক্ৰমণ কৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকে৷ একেদৰে মাকৰ বাবে পুত্ৰত মৃত্যু কেতিয়াও পাহৰিব নোৱাৰা শোক৷ অৰ্থাৎ কোনোবা ব্যক্তিক আমি এবাৰ অপকাৰ কৰিলে সেই ব্যক্তিজনে যিমান ভাল হ’লেও সদায় মনৰ মাজত এটা ক্ষোভ ৰাখি থয় আৰু সুবিধা পালে অন্যায় কৰিবলৈ নাপাহৰে৷
18. সাপৰ লেখা, বাঘৰ দেখা
19. সাপ হৈ খোটা, বেজ হৈ জৰা :
নিজেই অন্যায় কৰি শেষত ভালৰি লগাবলৈ বা আনক দেখুৱাবলৈ তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা৷
20. সেই ৰামো নাই, সেই অযোধ্যাও নাই:
এজন ভাল ব্যক্তিয়ে এটা ভাল পৰিবেশো সৃষ্টি কৰে৷ কিন্তু তেওঁৰ মৃত্যুৰ লগে লগে চাৰিওফালৰ পৰিবেশটোও এলাগি হৈ পৰে৷ অৰ্থাৎ কোনো ভাল বস্তুৰ লগতে তাৰ চাৰিওফালৰ আনুষাঙ্গিক বিষয়বস্তু বিলাকো শেষ হৈ যায়৷
21. সীতা থাকিবলৈ ৰামো থাকিব লাগিব
22. সোণ বেছি দৰিদ্ৰ হোৱা:
এসময়ত ধণ সম্পত্তি আছিল, কিন্তু কালক্ৰমত দুখীয়া হৈ যোৱা।
23. সোণত সুৱগা চৰা
24. সমানে সমানে কৰিবা কাজ,
হাৰিলে জিকিলে নাই লাজ :
সাধাৰণতে ৰণত হৰা জিকা থাকেই, কিন্তু নিজতকৈ শ্ৰেষ্ঠজনৰ লগত বা দুৰ্বলজনৰ লগত হৰা জিকা হ’লে কোনেও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে৷ অৰ্থাৎ নিজৰ সমকক্ষ ব্যক্তিজনৰ লগত কাম কৰি, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি হৰা জিকা হ’লে কোনেও কাকো দোষ দিব নোৱাৰে বা আনৰ ওচৰতো লাজ পাব নোৱাৰে৷
25. সময়ৰ টিকনি সদায় আগফালে:
সাধাৰণতে মানুহৰ টিকনি পাছফালে থাকে আৰু তাত সহজতে ধৰি মানুহক
ৰখাব পাৰি৷ কিন্তু আগফালে থকা হ’লে কোনেও সেই কাম কৰিব নোৱাৰিলেহেঁতেন৷ একেদৰে সময়ৰ টিকনিডাল আগফালে থকা বাবে সময়ৰ গতিক কোনেও ধৰি ৰাখিব নোৱাৰে৷ অৰ্থাৎ আমি সময় থাকোতেই সকলোঁ কাম কৰা উচিত৷ ইয়াত টিকনি-ক কেৱল ধৰি ৰখাৰ সুবিধাজনক আহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে৷
26. সিয়নীত শুৱা,
ভটিয়নি পানীত যোৱা:
পানীৰ সোঁতৰ লগত সাধাৰণতে মিলি যাবলৈ সহজ৷ তাৰ বাবে বেছি কষ্ট
কৰিব নালাগে৷ অৰ্থাৎ বুদ্ধিৰে সহজ ব্যৱস্থা গ্ৰহণ কৰি চলি থকা৷ আনহাতে সিয়নীত শুৱা কথাষাৰৰ লগতো এটা সাধুকথা জড়িত হৈ আছে৷ এবাৰ তিনিজন ককাই-ভাইৰ মাজত সম্পত্তিৰ ভাগ কৰিব লগা হ’ল৷ সম্পত্তিৰ নামত এখন কম্বল আৰু এযোৰ বেজি-সূঁতা৷ কোনে কি ল’ব ভাবি থাকোতে আটাইতকৈ বুদ্ধিয়ক জনে গুলি-সূঁতা ল’লে আৰু বাকি দুজনক কম্বলখন ফালি ল’ব ক’লে৷ সেই মতে কাম হ’ল৷ কিন্তু ৰাতি ফটা কম্বল দুখন লৈ দুজনে টানি-টানি শুই থাকিল৷ কিন্তু বুদ্ধিয়কজনে দুয়োজনৰ মাজত শুবলৈ সোমাই বেজি- সূঁতাৰে দুয়োখন চিলাই আৰামত শুই থাকিল৷
27. স্থান এৰিলে মান যায়:
নিজৰ থকা ঠাই এৰিলে সেই ঠাইত ইমান দিনে আৰ্জন কৰা মান ও এৰিব লাগে, কাৰণ নতুন ঠাইৰ মানুহে আপোনাৰ বিষয়ে নাজানে।
28. সৈনিক মৰে ৰণে,
প্রসূতি মৰে পিয়ানে।।
29. সাপ হৈ খোঁটে,
বেজ হৈ জাৰে।
30. সাত বিহুৰ সয়াঁ কণী৷
31.সাপৰ সৰু বৰ নাই।
32. সু বাৰী নষ্ট হয় মাজ বাট ললে,
তিৰি নষ্ট হয় সদায় বেহালে হাট;
সু কাপোৰ নষ্ট হয় জাপত ললে,
সু পুত্র নষ্ট হয় নুশুধিলে বাপত।।
33.সম্পত্তিৰ শেষ হাতী,
মৰমৰ শেষ নাতি।
:সম্পত্তি কৰোতে কৰোতে মানুহৰ অভিজ্ঞতাৰ স্প্বহা বা্ঢ়ি যায়। শেষত বৰমানুহ বুলাবলৈ হাতী কিনে, ঠিক তেনেদৰে ল'ৰা-ছো্ৱালী-বোৱাৰী-জোৱাই শেষত নাতিক মৰম কৰে।
৩৪.সুপুত্ৰৰ বাবে কিয় ধন সঞ্চয়, কুপুত্ৰৰ বাবে কিয়ই বা ধন সঞ্চয়?
:পুত্ৰসন্তান যদি সুপুত্ৰ হয় অৰ্থাৎ পৰিশ্ৰমী আৰু গুণী-জ্ঞানী হয়, তেনেহ'লে সেই পুত্ৰৰ কাৰণে ধন সঞ্চয় কৰাৰ প্ৰয়োজন নেথাকে কাৰণ তেনে পুত্ৰই নিজেই ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, ধন উপাৰ্জন কৰিবলৈ অক্ষম কুপুত্ৰই হাতত পোৱা সঞ্চিত ধন কম সময়ৰ ভিতৰতে বিনষ্ট কৰি পেলায় আৰু কষ্ট ভুঞ্জিব লগা হয় ৷ এতেকে উভয় ক্ষেত্ৰতেই পিতৃ-মাতৃয়ে নিজ সন্তানৰ কাৰণে অত্যাধিক ধন সঞ্চয় কৰাটো নিষ্প্ৰয়োজন ৷

No comments:

Post a Comment