Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ৰ"

1. ৰজাই ভাল দেখে যাক,
শতৰু নুবুলিবা তাক :
যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহৰ লগত
শত্ৰুতা নকৰাই ভাল।
2. ৰজাই ভাল দেখে যাক,
ভেটিও নালাগে তাক:
যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহে অনায়াশে নিজৰ কাম কৰাব পাৰে, যি কামৰ বাবে সাধাৰণ মানুহে ভেটি দিব লাগে।
3. ৰাইজে নখ জোকাৰিলে নখ বয়
4. ৰাক্ষ্যসৰ আগত ধোৱা চাউল
5. ৰাতি হলে সাত হাল,
দিনত হলে এহালো নাই
6. ৰান্ধনীশালত কাঁহী-বাতিৰ শব্দ হবই
7. ৰাখে হৰি মাৰে কোনে,
মাৰে হৰি ৰাখে কোনে।
8. ৰামলৈ যি পাত,
সুগ্ৰিবলৈও একেই পাত
9. ৰৌ বৰালী সৰকি যায়,
পুঠি খলিহনা ৰৈ যায়
10. ৰছকিয়ে পাতে গাও,
নিবুকিয়ে ভাঙে গাও
11. ৰূপ টকাৰ কানি,
একে হোপাই শেষ
12. ৰূপেনো কি কৰে,
গুণেহে সংসাৰ তৰে
13. ৰূৱা চাবা পুৱা বেলিত,
গাভৰু চাবা মাছৰ তলিত
14. ৰজাও উপজিলে পুহত,
ময়ো উপজিলো পুহত ;
ৰজা শোৱে তুলী- তলিচাত,
মই শোওঁ তুঁহত:
একে সময়তে জন্মলাভ কৰিলেও সকলোৰে ভাগ্য/সৌভাগ্য একে নহয়, নিজৰ পৰিৱেশ অনুসৰিহে মানুহে জীৱন যাপন কৰে ৷

No comments:

Post a Comment