Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ব"

১ বাজিব লাগে হাচতি,
বাজে টেমি কটাৰি :
হাচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক’ব লাগে ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য
ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা৷
২ বন্ধু চিনিবা বিপদৰ বেলা:
বিপদত পৰিলেহে কোন প্ৰকৃত বন্ধু তাক চিনিব পাৰি, কিয়নো ভাল সময়ত সকলোৱে ভালদৰেই বন্ধুত্ব দেখুৱাই।
৩ বান্দৰে কি বুজে নাৰিকলৰ মোল: নাৰিকলটো বাহিৰৰ পৰা দেখিবলৈ ভাল নহয়, কিন্তু ভিতৰতহে সুস্বাদু নাৰিকল
থাকে, বান্দৰবোৰে কথাটো নাজানি নাৰিকল পালেও পেলাই দিয়ে। অৰ্থাৎ সকলোৱে মূল্যবান বস্তুৰ মূল্য নুবুজে।
৪ বান্দৰৰ তিনিটা কণী, নিতৌ উলিয়াই
নিতৌ সুমুৱাই ডালৰ ফেৰেঙনিত বহি
৫ বাপৰ ধনে নাটে আৰু পাপৰ ধনে নাটে
৬ বাছৰ আগত, ঘোৰাৰ পাছত : বিপদজনক ঠাই।
৭ বাঘৰ নেজেৰে কাণ খজুৱা
8. বাঘৰ আগতেল খোৱা
৯ বাঘৰ আগত ছাগৰ অগা দেৱা
১০ বাৰ হাত জালৰ তেৰ হাত ফটা,
ভাল মাৰিলি বাপৰ বেটা,
ৰৌ-বৰালি সৰকি গ’ল,
পুঠি- খলিহনা পাহে পাহে ৰ’ল
১১ বনৰ বাঘে নখায়, মনৰ বাঘেহে খায় :
ভয়ৰ কাৰণেহে বিপদ হয়।
১২ বাওনা হৈ চন্দ্ৰলৈ হাত মেলা:
চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷
১৩ বুঢ়া শালিকাই মাত লোৱা
1১৪ বিনা মেঘে বজ্ৰপাত
১৫ বাটৰ কচু গাত ঘঁহি লোৱা
১৬ বাৰীৰ ঘাঁহ গোহালীৰ গৰুৰ ৰাহি যোৰা নাহে
১৭ বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি :
কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ
দৰে ক’লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ
নিৰূপণ কৰিব নোৱাৰি৷
১৮ বাহৰ পৰা উৰিল কাউৰী,
পাৰিলহি কুলিয়ে কণী তিনি
১৯ বিপদত কুকুৰেও মৈ টানে
২০ বেঁকাকৈ পদুলি, চিকুনকৈ নঙলা,
কেতিয়াও সেই ঘৰ নহয় বৰলা
২১ বেছি মেঘে গাজিলে বৰষুণ নিদিযে
২২ বেজিৰ জলঙা মনে,
কুঠাৰৰ জলঙা নমনে
২৩ বেজৰ নাকত খৰ
২৪ বেটিয়ে ভাঙিলে কটৰা,
গড়গাঁও পালেহি বতৰা,
ঘৈণীয়ে ভাঙিলে কাহী,
ঠলে মিচিকাই হাঁহি :
বেটি মানে কাম কৰা ছোৱালিয়ে কটৰা ভাঙিলেও সকলোকে কৈ ফুৰা, কিন্তু
ঘৈণীয়েকে কাঁহী ভাঙিলেও মনে মনে থকা। অৰ্থাৎ নিজৰ আপোন মানুহৰ ডাঙৰ দোষকো লুকুৱাই ৰাখি আনৰ সৰু দোষকে কৈ ফুৰা৷
২৫ বেতনিত ঔ পৰিল, গোবিন্দায় নমঃ :
সাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ
থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায়
নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত ‘গোবিন্দাই নমঃ’ বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ’ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা৷
২৬ বোকাতহে পদুম ফুল ফুলে
২৭ বোৱাৰী আনিবা দিনটোৰ বাটত,
গৰু আনিবা ৰিংটোৰ বাটত:
ওচৰৰ ঘৰৰ পৰা ছোৱালী বিয়া কৰাই
আনিলে ঘনে ঘনে মাকৰ ঘৰলৈ গৈ থাকিব, সেয়েহে দুৰৈৰ ঘৰৰ পৰা (যলৈ এদিনৰ বাট) বিয়া কৰাব লাগে। আনহাতে গৰু কিনিলে ওচৰৰ ঘৰৰ পৰা কিনিব লাগে, যাতে বাট ভুল কৰি আগৰ ঘৰলৈ গলেও সহজে বিচাৰি আনিব পাৰি।
২৮ বলে নোৱাৰা শিলক পৰি নমস্কাৰ
২৯ বহিব জানিলে মাটিয়েই পিৰা,
খাব জানিলে চাউলেই চিৰা
৩০ বুঢ়াৰ কথা নুশুন ডেকা,
টানত পৰি কিয় কেকা?
৩১ বুজাক বুজাবা আকাৰে ঈঙ্গিতে, নুবুজাক বুজাবা হালোৱা এছাৰিৰে
৩২ বৰাৰ ঘৰত তৰাৰ গাঁঠি
বৰানো থাকিব কেই ৰাতি :
তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়িভাৱে থকা মানুহজনে ধৰিব
নোৱাৰে ৷ কিন্তু সি চিৰস্থায়ী নহয় ৷ অৰ্থাৎ ক্ষন্তেকিয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা৷
৩৩ বামত বাম ৰজা,
পোটা পুখুৰিত বাকেই ৰজা:
নিজৰ নিজৰ ঠাইত সকলোৱে ৰজা।
৩৪ বাতি খালে আটি যায়,
লুকাই খালে ঢুকাই যায় :
সকলোৰে লগত মিলিজুলি উপভোগ
কৰিলে সকলোৱে ভাগ পায়, আনহাতে অকলে উপভোগ কৰিব চেষ্টা কৰিলে নিজলৈকো নাটে।
৩৫ বাৰিৰ পুখুৰি সিচোতেও দুই চাৰিজনক শিঙিয়ে বিন্ধে :
একবাৰে সাধাৰণ কামতো অলপ হলেও বিপদ থাকিব পাৰে।
৩৬ বছৰৰ মুৰত যাবি;
বৰপীৰা খান/খন পাবি :
সদায়ে কোনোবা এঠাইত গৈ থাকিলে যিমান আদৰ সাদৰ পাব লাগে সিমান আদৰ সাদৰ পোৱা নাজায়। বহুদিন মুৰত গলে বহু আদৰ সাদৰেৰে অতিথি সৎকাৰ কৰে।
৩৭ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ ৷
৩৮ বাৰীৰ তামোল কেৰকতুৱাই খাই,
আমাক দিলে জানোঁ অঠলে যায় ।
৩৯ বেশ্যা তিৰী, গোলাম চতুৰ ;
ঘৰ পৰ নাজানে বলিয়া কুকুৰ
৪০
বুঢ়াই ডেকাই দুহাল বাবা;
তপটে পঁইটাই দুসাঁজ খাবা।
:কামৰ সময়ত আৰু খাবৰ সময়ত  বেছি বাচ-বিচাৰ কৰিব নালাগে।

No comments:

Post a Comment