1. আগফালে তেতেলি পিছফালে ঔ,
সেই ঘৰ মানুহৰ উঠিবৰ হ’ল নে নৌ? : যি ঘৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছে আগুৰি থাকে, সেই ঘৰত ৰাতিপুৱা সুৰ্য্যৰ পোহৰ ভালদৰে নপৰে, সেয়েহে সেই ঘৰৰ মানুহে ৰাতিপুৱা পলমকৈ উঠে।
2. আইৰ সমান হব কোন,
নৈৰ সমান বব কোন :
মাকৰ সমান মৰম কোনেও কৰিব নোৱাৰে, যেনেকৈ নৈৰ সমান পানী কোনেও বব নোৱাৰে।
3. আইয়ে চায় মুখলৈ,
ঘৈণিয়ে চায় হাতলৈ :
পুৰুষ এজন ঘৰলৈ আহিলে মাকে মুখলৈ চায়, তেঁও খোৱা লোৱা ভালদৰে কৰিছে নে নাই চাবলৈ; আনহাতে ঘৈনিয়েকে হাতলৈ চায় তেঁওলৈ কি আনিছে চাবলৈ।
4. আছে গৰু নাবাই হাল,
থকাতকৈ নথকাই ভাল:
থকা সম্পদ এটা যদি ব্যৱহাৰ কৰা নহয়,
তেনেহলে সেয়া নথকাই ভাল।
5. আঠুৱা চাই ঠেং মেলিবা
6. অল্প আৰ্জন বিস্তৰ ভোজন,
সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ :
যিমান সামৰ্থ্য সিমানহে খৰছ কৰিব
লাগে, নহলে বিপদত পৰিব লাগে।
7. আদাক দেখি উঠিল গা,
কেঁটুৰিয়ে বোলে মোকো খা :
সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা। আদা আৰু কেঁটুৰি দেখিবলৈ একে, কিন্ত আদা হে খোৱাত ব্যৱহাৰ হয়, কেটুৰি কোনো কামত ব্যৱহাৰ নহয়।
8. আনলৈ হুল পুতি নিজে মৰে ফুটি: আনৰ অনিষ্ট কৰাৰ চেষ্ঠা কৰিলে নিজৰে অনিষ্ট হয়।
9. আপোন ভালেই জগত ভাল:
যি নিজে ঠিক থাকে, তেওঁৰ বাবে বাকী সকলো ঠিকেই থাকে।
10. আহক বাৰিষা কাটক পাত,
ৰৈ যা ভিনিহি খাই যা ভাত :
ভবিষ্যতত কোনো কাম হ’ব বুলি আশা কৰি বহি থাকি লাভ নাই।
11. আছে হেংদাং, লোৱা নাই;
ললে হেংদাং চাৰন নাই
(বা আছে বেক্ৰা দা, লোৱা নাই;
ললে বেক্ৰা দা চাৰন নাই):
যুজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক
দূৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে।
খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে।
12. আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ :
নিজৰ অনিষ্ট কৰি হলেও শত্ৰুৰ অনিষ্ট কৰা - অৰ্থত ব্যংগ কৰি এই যোজনা ব্যৱহাৰ কৰা হয়। সাধাৰণতে এগৰাকী সতিনীয়ে অন্য সতিনীক ভাল নাপায় আৰু শত্ৰুতা আচৰণ কৰে বুলি ভবা হয়। কেতিয়াবা এনে আচৰণ এনে পৰ্যায়লৈ যাব পাৰে (হাস্যাৰ্থত) যে এগৰাকীয়ে আনগৰাকীক ক'ৰবালৈ ওলাই যোৱাত বা কোনো কামৰ আৰম্ভনিত বাধা দিবলৈ নিজৰ নাকটো কাটি লৈ তেওঁৰ আগত দেখা দিব পাৰে - যাতে "বিকৃত দৃশ্য
দেখিলোঁ" বুলি তেওঁৰ উৎসাহত যতি পৰে। কেতিয়াবা শত্ৰুতা এনে অবিবেচনাপূৰ্ণ পৰ্যায়লৈ গতি কৰে যে এজনে কেৱল শত্ৰুৰ অনিষ্ট কৰাৰ খাতিৰতে এনে আচৰণ কৰিবলৈ পাচ নোহোঁহকে। হিতাহিত জ্ঞানশুণ্য
হৈ কৰা এনে আচৰণে ব্যক্তি বা সমাজৰ অনিষ্ট কৰে। সেয়ে এনে নকৰিবৰ কাৰণে এই যোজনাৰ জৰিয়তে ব্যংগ আৰোপ কৰি এনে অবিবেচক কাৰ্য্যৰপৰা মানুহক দুৰত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে।
13. আৰ চিগা চুলি,
তাৰ চিগা চুলি,
বান্ধি যাওঁ নেঘেৰী খোপা :
লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহৰ
কৰা।
14. আৰৈতকৈ উখুৱাৰ খচখচনি বেছি
15. আলিবাটত চুৰিয়াৰ ফেৰ,
ঘৰত ঢকুৱাৰ বেৰ :
ঘৰত যিমান আছে বাহিৰত তাতকৈ বেছি দেখুওৱা।
16. ডাকৰ বচন
আগ তপা লনী,
মাজ তপা ধনী,
পিছ তপা শনি :
যি মানুহৰ মাজ মুৰতো তপা, তেও ধনী হব বুলি ভবা হয়। যি মানুহৰ পিছ মুৰতো তপা, তেওৰ দিন ভাল নহব
বুলি ভবা হয়।
17. আগফালে দুৱাৰ দাং,
পাছফালে ধোবাং-বাং :
আগফালৰ দুৱাৰ ভালদৰে মাৰি পিছফালৰ দুৱাৰ খোলা ৰখা। অৰ্থাৎ অনৰ্থক ভাৱে কোনো কাৰ্য্য কৰা ৷
18. আগৰ হাল যিফালে যায়,
পাছৰ হালো সিফালে যায় :
নেতৃবৃন্দ যিফালে যায় অনুসৰনকাৰী সকলো সেইফালে যায়।
19. আনলৈ হুল পুতি নিজে মৰে ফুতি : আনৰ অনিষ্ট কৰিব গলে নিজৰহে ক্ষতি হয়।
20. আপোন হাত জগন্নাথ,
পৰত আশ, বনত বাস :
নিজৰ কাম আনে কৰি দিব বুলি ৰৈ থকিলে বিপদত পৰিব লাগে,
সেয়েহে নিজে কৰিব লাগে।
21. ডাকৰ বচন
আহু চাবা গধুলি,
শালি চাবা পুৱা,
জাকৈ বাওঁতে ছোৱালী চাবা
কোন কেনেকুৱা:
আহু ধান গধুলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক
তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে।
22. আদা বেপাৰীক জাহাজৰ খবৰ : অপ্ৰয়োজনীয় খবৰ বিচৰা।
23. আৰ্জিলে নন্দ গোৱালে,
খালে বোন্দা শিয়ালে :
কোনোবাই কষ্ট কৰিলে, কিন্তু আন কোনোবাইহে ফল ভোগ কৰিলে
24. আগ নুগুণি গুণে পাছ,
লোভত মৰে বৰষিৰ মাছ :
ভালদৰে চিন্তা-চৰ্চা নকৰি লোভত
কিবা কাম কৰিলে বিপদত পৰিব লগিয়া হব পাৰে।
25. আমো নাই ডলিও নাই
26. আগেযে আছিলো দোৱানী-মোৱানী,
গুৱালে বুলিছিল আই,
এতিয়া হ'লোঁ নেজ-গুবৰী,
পালতো নিদিয়ে ঠাই৷
Monday 7 July 2014
ফকৰা যোজনাৰ সংগ্ৰহ "আ"
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment