নৈৰ সোঁতৰ অলপ আঁতৰা-আঁতৰিকৈ দুটা কলহ উটি গৈছে। এটা কলহ পিতলৰ, আনটো মাটিৰ। পিতলৰ কলহটোৱে মৰমৰ মাতেৰে মাটিৰ কলহটোক ক'লে " ভনীটি! মোৰ কাষলৈ আহা, একো ভয় নাই। মই তোমাক ৰক্ষা কৰিম।"
মাটিৰ কলহে ক'লে "বাইদেউ! তোমাৰ মৰমৰ বাবে ধন্যবাদ। কিন্তু তোমাৰ কাষলৈ যোৱাটোহে মোৰ পক্ষে ভয়ৰ কথা। এইদৰে তোমাৰ পৰা আঁতৰে আঁতৰে গৈয়েই হয়তো কৰবাত পাৰত লাগিবগৈ পাৰোঁ। কিন্তু তোমাৰ কাষলৈ যদি যাওঁ তেন্তে মোৰ ফালে পতং। পেটে আৰু মোৰ পেটে যদি ঠেকা খাব লাগিল তেন্তে মোৰ ফালে আধ্যা।এতেকে দূৰৰ পৰাই মোৰ এটা সেৱাকে লোৱা আৰু মোলৈ যদি তোমাৰ মৰম লাগিছে তেন্তে আঁতৰৰ পৰাই এটা হাঁকুটি লগোৱা চুমা খোৱা।"
শক্তিশালী হয় যদি চুবুৰীয়া জন
আঁতৰত থকাটোহে ভালৰ লক্ষণ।
সমানে সমানে কৰিবা কাজ
হাৰিলে জিকিলে নাই লাজ।।
No comments:
Post a Comment