Sunday 6 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ক"

1. ক বুলিব নাজানে ৰত্নাৱলী পঢ়ে : ৰত্নাৱলী এখন সংস্কৃতত লিখা ধৰ্মশাস্ত্ৰ, আৰু ইয়াক সহজে বুজা নাজায়।
সেয়েহে যি একেবাৰে লিখা- পঢ়া নাজানে সি ৰত্নাৱলী পঢ়া অসম্ভব। অৰ্থাৎ
একেবাৰে কৰিব নোৱাৰা কাম এটা কৰিব যোৱা।
2. কণা হাঁহক পতান দিয়া:
হোজা মানুহক ঠগোৱা।
3. কলাৰ আগত বেঙাই কয়, কলাই বোলে হয় হয় :
বেঙা মানুহে কথা কব নোৱাৰে, আনহাতে কলা মানুহে কাণেৰে নুশুনে। অৰ্থাৎ কথা ভালদৰে নুশুনি এনেই হয়ভৰ দিয়া।
4. কুকুৰ চিকুন গৃহস্থৰ যশ:
কোনো এঘৰ মানুহৰ যদি পোহনীয়া কুকুৰ যদি চাফ-চিকুন হয়, তেনেহলে সেই ঘৰ মানুহো চাফ-চিকুন বুলি ধৰিব পাৰি।
5. কুকুৰৰ নেজ দীঘল হলে নিজে পাৰি বহিব :
কুকুৰৰ নেজ দীঘল হলেও তাত আনক বহিব নিদিয়ে, সাধাৰণতে কৃপন মানুহ বুজাবলৈ এইশাৰী কথা ব্যৱহাৰ কৰা হয়।
6. কুকুৰে একেদিনাই স্বৰ্গ পাবগৈ পাৰে, কেৱল জ্ঞাতিৰ কাৰণে নোৱাৰে :
নিজৰ অসফলতাৰ কাৰণে আনক দোষ
দিয়া।
7. কুকুৰৰ নেজ কেতিয়াও পোন নহয়: কিছুমান মানুহৰ স্বভাৱ যিমান চেষ্টা কৰিলেও সলনি নহয়।
8. কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি চুলি পকা:
যেতিয়া সৰু বৰ সকলোৱে অপকৰ্মত লিপ্ত হয়, তেতিয়া কাকো দোষ দিবলৈ কোনো উপায় নেথাকে।
9. কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল : বাঘে হৰিণা চিকাৰ কৰি খায়, তেনেক্ষেত্ৰত যদি হৰিণাই বাঘৰ গাল চেলেকা দেখা যায় তেনেহলে নিশ্বয় ডাঙৰ অঘটন ঘটিছে।
10. কিনা হাঁহৰ ঠোটলৈকে মঙহ :
সাধৰণতে হাঁহ খালে ঠোট, ঠেং আদি পেলাই দিয়া হয়। কিন্তু হাঁহটো যদি কিনি অনা হয় তেনেহলে যিমান
বেছি পাৰি সিমান মাংস কাটি উলিয়াব যত্ন কৰা হয়। অৰ্থাৎ কপালৰ ঘাম মাটিত পেটাই ঘটা টকাৰে কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয়।
11. কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায় :
আদাৰ বাকলী কটাৰীৰে গুচোৱা হয়, কিন্তু কুমলীয়া আদা হলে ভৰিৰে মোহাৰিলেই বাকলী গুচি যায়।
ঠিক তেনেদৰে দুৰ্বল মানুহক সহজে বশ কৰা যায়।
12. কেঁচা বৰলক জোকাই ললে গা সৰা টান :
বৰলৰ বাহক জোকাই ললে বৰলবোৰে আক্ৰমণ কৰিবলৈ খেদি ফুৰে, তেনে বৰলৰ পৰা হাত সৰা টান। ঠিক তেনেদৰে কাজিয়া প্ৰবণ মনোভাবৰ মানুহক জোকাই নোলোৱাই ভাল।
13. কেচু খান্দোতে সাপ ওলোৱা : কিছুমান অন্য কথা আলোচনা কৰোতে , মনে বিচাৰি থকা তথ্যৰ সম্ভেদ পোৱা।
14. কাঠৰ মালা ফুটে ফাটে, মনৰ মালা কাহে চুটে।।
15. কথাত কথা বাঢ়ে,
খৰিকাত বাঢ়ে কাণ,
মাকৰ ঘৰত জীয়েক বাঢ়ে,
পথাৰত বাঢ়ে ধান
16. কেৰেলাতকৈ গুটি দীঘল
[কাকিৰালত কৰি গুটিয়ে দীঘিলা(বৰপেটা অঞ্চলত প্রচলিত)]
17. কোন কালতে পৈয়েক মৰিল,
ঢেঁকী দিওঁতে মনত পৰিল
18. কটাৰী ধৰাবা শিলে,
তিৰোতা বলাবা কিলে:
কটাৰীৰ ধাৰ গুচি গলে শিলত ধৰাব লাগে, ঠিক তেনেদৰে ঘৈণীয়েকে কথা নুশুনিলে বল প্ৰয়োগ কৰি মনাব
লাগে।(এই ডাকৰ বচন শাৰী সেই সময়ৰ সমাজৰ মহিলাৰ প্ৰতি থকা মনোভাবৰ প্ৰতিফলন।)
19. কথা কত বোলে ভেকুৰিৰ তলত,
চিঙিব নোৱাৰি কাঁইটৰ বলত
20. কথাত কটা যায়,
কথাত বটা পায় :
ভুল সময়ত ভুল ঠাইত ভুল কথা কলে বিপদত পৰিব লাগে, আনহতে ঠিক সময়ত ঠিক ঠাইত ঠিক কথা কলে লাভজনক হয়।
21. ক’ৰ পৰা আহিলা ক’ত দিলা ভৰি, চোতাল খন ফাটি গল চেৰেক চেৰেক কৰি:
বহুদিন নহা মানুহ আহিলে ব্যৱহাৰ কৰা হয়। উল্লেখযোগ্য যে এই যোজনাটো লীলা গগৈৰ “বিহুগীত আৰু বনঘোষা ” নামৰ অসমীয়া লোকগীতৰ সংকলনত বিহুনাম হিচাবে সন্নিবিষ্ট কৰা হৈছে।
22. ক’লেও আয়ে কিল খায়,
নক’লেও বোপায়ে ছুৱা খায় :
দেউতাকৰ বাবে ভাত বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে, এতিয়া দেউতাক অহাৰ পাছত যদি কথাতো কৈ দিয়া হয় তেনেহলে দেউতাকে মাকক কিলাব, আনহাতে নকলে দেউতাকে জুঠা খাব লাগিব। কোনো কথা ক’লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ ই দোধোৰ মোধোৰ অবস্থাত পৰা বুজাইছে।
23. কৄষ্ণই কৰিলে লীলা,
আমি কৰিলে ধৰি বান্ধি কিলা :
সমাজৰ গন্য-মান্য মানুহে কিছুমান কাম কৰিলে প্ৰসংশা পায়, কিন্তু সাধাৰণ মানুহে কৰিলে ঠাট্টা মস্কৰাহে কৰা হয়।
24. কালিলৈ ৰাম ৰজা হব আজি অধিবাস,
কোনেনো জানিছিল ৰাম যাব বনবাস:
ভৱিষ্যত অনিশ্চিত। ৰামায়ণৰ ৰাম আছিল জনপ্ৰিয় যুৱৰাজ। কিন্তু ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ তেওঁৰ পিতৃ দশৰথে ( দশৰথ ) তেওঁৰ ৰাজ্যাভিষেকৰ দিনাই লোকপ্ৰত্যাশাৰ বিপৰীতে সিংহাসনৰ পৰা বঞ্চিত কৰি চৌধ্য বছৰৰ কাৰণে বনবাসলৈ পঠাবলৈ বাধ্য হৈছিল।
25. কি ক আছিলা,
কি ক হ’লা,
খাবলে নাপাই
শুকাই খীণাই গ’লা:
বহুদিন ভাল অবস্থাত থকাৰ পিছত
বেয়া অবস্থা হোৱা বুজাবলৈ ব্যৱহাৰ হয়।
26 কোনোৱে দিয়ে আগবঢ়াই
কোনোৱে দিয়ে তুলি,
কলহে কলহে ধন ভাঙে
ৰজা হওঁ বুলি ।
27. কাকো নেপাই ভাদৈক পালে,
খুচৰি সামৰি খালৈত থলে৷
28. কিৰিষি কৰিবা একান্ত মনে,
নফলে কিৰিষি বিনা যতনে।
29. কেঁচা বৰলক জোকাই ললে গা সৰা টান ৷
: বৰলৰ বাহক জোকাই ললে বৰলবোৰে আক্ৰমণ কৰিবলৈ খেদি ফুৰে, তেনে বৰলৰ পৰা হাত সৰা টান। ঠিক তেনেদৰে কাজিয়া প্ৰবণ মনোভাবৰ মানুহক জোকাই নোলোৱাই ভাল।

No comments:

Post a Comment