Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "ধ"

1. ধান পকে মানে টুনিৰ মৰণ
2. ধানটোৱে প্ৰতি কণটো,
মানুহ্টোৱে প্ৰতি মনটো
3. ধন দিলে ধোবাই মেখেলাও কোবায়
4. ধন লবা লেখি, বাট বুলিবা দেখি
5. ধাৰত পৰিলে শিলো উটে,
সপোন দেখিলে বুঢ়ায়ো মূতে
6. ধনীৰ ঘৰত যাবা চাবলৈ,
দুখীয়াৰ ঘৰত যাবা খাবলৈ:
ধনী মানুহে নিজৰ সম্পত্তি দেখুৱাই ভাল পায়, আনহাতে দুখীয়া মানুহে আনক খুৱাই-বুৱাই ভাল পায়।
7. ধেই-টাক বুলিলেই তিনি পাক ঘুৰা

No comments:

Post a Comment