Monday 7 July 2014

ফকৰা যোজনাৰ সংগ্ৰহ "অ"

1. অধিক মাছত বগলী কণা :
বহুত বেছি বিকল্প থাকিলে তাৰ মাজৰ
পৰা এটা বাচনি কৰা অসুবিধা হয়।
বগলীয়ে মাছ খাই ভাল পায়। ই মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত পাৰ্গত। কিন্তু চৌদশে মাছৰ উভৈনদী হ'লে কোনটো ধৰোঁ কোনটো নধৰোঁ হৈ বগলীয়ে মাছ ধৰিব নোৱাৰা হয়।।সেয়েহে অত্যাধিক বিকল্পৰ ক্ষেত্ৰত বাচ-বিচাৰ কৰি থাকোতে বাচনিত ভুল হোৱাৰ।বা বাচনি কৰিব নোৱাৰা নহ'বলৈ এই যোজনাৰদ্বাৰা সঁকিয়াই দিয়া হৈছে।
2. অভ্যাসৰ নৰ,
কৰ্ণপথে কৰে শৰ :
নিয়মিত অভ্যাস কৰিলে যিকোনো কামেই সহজে কৰিব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু। ইয়াৰ মাজেৰে কাঁড় মৰাৰ অভ্যাস কৰিবলৈ কাঁড়ীজন অত্যন্ত পাৰ্গত নহলে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা থাকে। কিন্তু অভ্যাস কৰিলে মানুহ ইয়াতো পাৰ্গত হয়। সেয়ে অভ্যাস কৰিলে টান কামো কৰিব পৰা যায় বুলি এই যোজনাৰদ্বাৰা অনুপ্ৰাণিত কৰা হৈছে।
3. অধিক ভোজন পেটলৈ বেয়া:
যিকোনো বস্তুৰে প্ৰয়োজনতকৈ বেছি হোৱাতো বেয়া। ভোজন বা খাদ্য মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু অত্যাধিক ভোজনৰ ফলত শৰীৰৰ অনিষ্ট হোৱাৰহে সম্ভাৱনা। তেনেদৰে যিকোনো কামৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য। প্ৰয়োজনাধিক উপভোগ/ব্যৱহাৰৰ ফলত উপকাৰী বস্তুৰ পৰাও অপকাৰ হব পাৰে।
4. অতি ভক্তি চোৰৰ লক্ষণ:
কোনোবাই যদি কিবা এটা কাম বা বস্তুৰ পিছত প্ৰয়োজনতকৈ অধিক লাগি থাকে, তেনেহলে তাক সন্দেহৰ চকুৰে চোৱা উচিত ৷
5. অতিপাত শলাগণি ফুচুলনিৰ চিন,
আপুনি আতৰি যাবা তাক কৰি ঘিণ :
প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ
অন্তৰালত সাধাৰণতে ন্যস্তস্বাৰ্থ জড়িত থাকে। গতিকে এনে তোষামোদত ভোল গৈ কামত প্ৰবৃত্ত হ'লে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা অধিক। গতিকে ইয়াক চিনি পাই এনে উচতনিত ভোল যোৱাৰপৰা বিৰত থকাই ভাল।
6. অভাবত স্বভাব নষ্ট:
অতি প্ৰয়োজন পৰিলে সৎ মানুহ এজনেও অসৎ কাম কৰিব পাৰে। মানুহ সাধাৰণতে পৰিস্থিতিৰ দাস। গতিকে কোনো কাৰ্য্যৰ ভাল-বেয়া বিচাৰ কৰোঁতে কৰ্তাই কি পৰিস্থিতিত পৰি এনে কাৰ্য্য কৰিছে সেয়াও বিবেচনা কৰি চোৱা উচিত।
7. অচিন কাঠৰ থোৰা নলগাবা :
ঢেঁকী ৰ থোৰাটো মজবুত হব লাগে,
অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ
বাচনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকী মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত।
8. অল্প বিদ্যা ভয়ঙ্কৰী:
আধৰুৱা জ্ঞান যিকোনো ক্ষেত্ৰত বিপদজনক হ’ব পাৰে।
9. অবুজনক বুজোৱা,
ঢেৰুৱা ঠাৰী সিজোৱা:
ঢেৰুৱা ঠাৰী যিমান সিজলেও নিসিজে, ঠিক তেনেদৰে যি বুজিব নোখোজে তাক যিমান বুজাব চেষ্টা কৰিলেও লাভ নাই।
10. অবাবত তৰ্ক কৰা মুৰ্খৰ চিন :
মুৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে, জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে।
11. অকলশৰীয়া পহু,
গায়ে মূৰে খহু :
অকলশৰীয়া মানুহৰ বেমাৰ-আজাৰ হলেও
চোৱা চিতা কৰা মনুহৰ অভাৱ।
12. অথাই সাগৰত কাঠি-জাল বোৱা :
অপ্ৰয়োজনীয় কাম কৰা।
13. অনভ্যাসে হত বিদ্যা :
বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায়
14. অহঙ্কাৰেই পতনৰ মুল (নীতি-বচন)
15. ডাকৰ বচন
"আসনৰ বৰ্জিত তিনিখুৰা ৷
মিত্ৰৰ বৰ্জিত যদি খায় সুৰা ৷৷
পৰিহাৰ পুখুৰীৰ পিচলা বাট ৷
পৰিহাৰ কৃষিবাৰীৰ মাজেৰে বাট ৷
16.অধিক বাঢ়ৈত গুড় ধমনা হয় l
17.অতো ঠিয়া ততো ঠিয়া,
দোভাগ ৰাতি ঘৰ লোৱা।
: বিনা কামত ঘুৰি ফুৰা।

1 comment: